"""ওদালগুৰি জিলাত আৰম্ভ হ'ল আন্তঃআৰক্ষী থানা ফুটবল টুৰ্নামেণ্ট!!

"৩-০ গলৰ ব্যৱধানত কলাইথানা জয়লাভ কৰি পৰৱৰ্তি ৰাউণ্ডত প্ৰৱেশ"""
"জনসাধাৰণ আৰু আৰক্ষীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত ফুটবল টুৰ্নামেণ্টৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, সেই মৰ্মে  আজিৰে পৰা ওদালগুৰি জিলাতো আৰম্ভ হৈছে আন্তঃ আৰক্ষী থানা ফুটবল টুৰ্নামেণ্ট ৷ জিলাখনৰ চাৰিটা স্থানত ক্ৰমে টংলা, পানেৰী,ওদালগুৰি, মাজবাটত ওদালগুৰি জিলা অন্তৰ্গত দহখন থানাৰ মাজত ফুটবল টুৰ্নামেণ্ট আৰম্ভ হৈছে ৷ 
আজি টংলা ষ্টেডিয়ামত অনুষ্ঠিত টংলা থানা আৰু কলাইগাঁও থানাৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাত কলাইগাঁও থানা দলে ৩-০ গলৰ ব্যৱধানত জয় লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে ৷ আৰু আজিৰ খেলখন শুভ উদ্বোধন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত দাস বড়োৱে ,উপস্থিত থাকে চক্ৰ বিষয়া মণিষা নাথ, টংলা আৰু কলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে  যথেষ্ট সংখ্যক ৰাইজ।
 আনহাতে ওদালগুৰি জিলাত অনুষ্ঠিত আন্তঃআৰক্ষী থানা ফুটবল টুৰ্নামেণ্টৰ ফাইনেল খেলখন অহা ২০ আগষ্টত  ওদালগুৰিত অনুষ্ঠিত হ’ব বুলি খেলৰ উদ্ধোধক অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োয়ে জানিবলৈ দিয়ে।
 
অমৰজিৎ ৰাভা