আদিবাসী তথা চাহ জনগোষ্ঠীয় উ ৎসৱ কৰম পূজা উপলক্ষে ২৫ ছেপ্তেম্বৰৰ বন্ধ ঘোষণাক লৈ অব্যাহত আছে প্ৰতিবাদ । মৰাণৰ বিভিন্ন চাহ বাগিছাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই গ্ৰহন কৰিছে সজাগতা আৰু জনমত গঠন কাৰ্যসূচী । হালমাৰি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) মৰাণ শাখাই বাগিচাত কাম কৰি থকা চাহ শ্ৰমিকসকলৰ কাষত গৈ সজাগতা আৰু জনমত গঠন কাৰ্যসূচী গ্ৰহন কৰে । ২৫ ছেপ্তেম্বৰৰ দিনটো বন্ধ ঘোষনা কৰা হৈছে - এইয়া আদৰণীয় পদক্ষেপ, কিন্তু ২৫ ছেপ্তেম্বৰৰ দিনটোৰ সলনি অন্য বন্ধৰ দিনত শ্ৰমিকসকলে কাম কৰিব লাগিব বুলি কৰা ঘোষনা গ্ৰহনযোগ্য নহয় । শীঘ্ৰে এই বিষয়টো সমাধান নকৰিলে আগন্তুক নিৰ্বাচনত চাহ বাগিচা সমূহত বিজেপিক বৰ্জন কৰাৰ হুংকাৰ দিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
একেদৰে বামুনবাৰী চাহ বাগিছাতো কাৰ্যসূচী গ্ৰহন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।