ছিপাঝাৰৰ দুমুনিচকী বৰনদী মথাউৰী জৰাজীৰ্ণ :জলসম্পদ বিভাগৰ নাই গুৰুত্ব।

ঘণ অৰণ্যত পৰিণত হৈছে বৰনদী মথাউৰী।

জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীতা বাবেই।

বান শুকুৱাৰ এমাহৰ পিছতো কেইবাটাও অংশত জৰাজীৰ্ণ বৰ নদীৰ মথাউৰি । আজিও মেৰামতিৰ হোৱা নাই । এই অভিযোগ দুমুনিচকী অঞ্চলৰ একাংশ সচেতন ৰাইজৰ । 

 বৰনদীৰ মথাউৰী কোনো কোনো অঞ্চলত এতিয়া অসামাজিক কামৰ ঘাটিলৈ ৰূপান্তৰ হৈছে এই হাবি জংঘলেৰে পৰিবেষ্টিত বৃহৎ অঞ্চলটোত ।

দুমুনিচকীত জলস্পদ বিভাগৰ কাৰ্যলয় আছে যদিও দীৰ্ঘ দিন অভিযোগ দিয়াৰ পিছতো বিভাগে গুৰুত্ব প্ৰদান নকৰে । কৰ্তব্যত  উপস্থিত নাথাকি একাংশ কৰ্মচাৰীয়ে শুই-বহিয়ে চৰকাৰী দৰমহা লৈ আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷

জলস্পদ বিভাগৰ কৰ্মচাৰীয়ে সংবাদ মাধ্যমক জনালে বিভাগৰ ফোপোলা স্বৰূপ ।