বাটে-ঘাটে দেখা পোৱা আঘাতপ্ৰাপ্ত প্ৰাণীৰ প্ৰতি থকা মমতাই সম্পূৰ্ণ আৰোগ্য হৈ নুঠালৈকে ৰোগীয়া অথবা দুৰ্ঘটনাগ্ৰস্ত অঘৰী ,অসহায় প্ৰাণীক শুশ্ৰূষা কৰিবলৈ বাধ্য কৰি আহিছে তেওঁক । তেওঁ হ'ল অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী নিউজ লাইভ সংবাদ প্ৰতিষ্ঠানৰ বাৰ্তা সম্পাদক,পেনেলিষ্ট তথা এংকৰ , প্ৰকৃতিপ্ৰেমী নন্দন প্ৰতিম শৰ্মা বৰদলৈ । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ কমল মল্ল বুজৰবৰুৱাৰ বদান্যতাত খানাপাৰাস্থিত ৰাজ্যিক পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত স্থাপন হোৱা পোহনীয়া প্ৰাণীৰ বাবে পৰিচৰ্যা কেন্দ্ৰৰ মুখ্য দায়িত্বত আছে তেওঁ । এতিয়ালৈকে ত্ৰিশৰো অধিক অসুস্থ আৰু দুৰ্ঘটনাগ্ৰস্ত কুকুৰ,গৰু ইত্যাদি প্ৰাণীৰ চিকিৎসা সম্পন্ন কৰা হৈছে কেন্দ্ৰটোত । চিকিৎসাধীন কুকুৰৰ বাবে আমিষ খাদ্য ক্ৰয় আৰু পৰিচৰ্যাকাৰী কৰ্মচাৰীৰ পাৰিশ্ৰমিক নিজৰ পকেটৰ ধনেৰেই আদায় দি আহিছে এই মহানুভৱ সাংবাদিকজনে । বিশিষ্ট লেখক হোমেন বৰগোহাঞিয়ে এই প্ৰচেষ্টাক এক অভিনৱ ধাৰা আৰু মানুহৰ চিন্তাৰ ক্ষেত্ৰত এক ডাঙৰ বিপ্লৱ বুলি মতপোষণ কৰিছে ।শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্ম লোৱা নন্দন প্ৰতিমৰ মতে, এক নিৰ্দিষ্ট লক্ষ্য ,উদ্দেশ্য লৈহে পৃথিৱীৰ প্ৰতিজন মানুহৰ জন্ম হৈছে । গাঁৱত জন্মগ্ৰহণ কৰা নন্দন সৰু অৱস্থাৰেপৰাই আছিল প্ৰকৃতিপ্ৰেমী । প্ৰকৃতিপ্ৰেমৰ সেই সুপ্ত ইচ্ছা পুহি ৰাখিছিল শৈশৱৰেপৰাই ।সেয়েহে প্ৰকৃতিৰ বাবে কাম কৰাৰ দুৰ্বাৰ হেঁপাহ মনত । যিসময়ত স্কুল ছুটীৰ পিছত সমনীয়াবোৰে খেলিবলৈ গৈছিল,তেনেসময়ত শৈশৱৰ ঘৰখনত পঢ়া টেবুলৰ কাষতে থকা খিড়িকীখনেদি বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰি তধা লাগি প্ৰকৃতিৰ অপাৰ বিষ্ময় পান কৰিছিল নন্দনে । সৰুতে ঘৰত এহাল শালিকাক খুব মৰম কৰিছিল নন্দনে । জীৱনৰ প্ৰথম প্ৰকাশিত কবিতাটোও (শালিকাৰ মৰম) আছিল প্ৰকৃতি বিষয়ক । এবাৰ শালিকীহালৰ বাহত এডাল সাপে উপদ্ৰৱ চলোৱাত শালিকীহালে আকাৰ-ইংগিতেৰে সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ নন্দনক খাটনি ধৰিছিল । নন্দনে কেঁচুমতা দলিয়াই সাপডালক খেদি পঠাই চৰাইহালক ৰক্ষা কৰিছিল। বন্ধুত্ব হৈছিল চৰাইহালৰ সৈতে ,নিজ হাতেৰে সিহঁতক আহাৰ খুৱাইছিল । বুজি উঠিছিল জীৱ-জন্তুৰ হৃদয়ৰ মৰম, ভাষা আৰু ভালপোৱা । প্ৰাণীৰ প্ৰতি তেতিয়াৰেপৰা দয়াশীল নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম ।
চাকৰিসূত্ৰে ২০০৯ চনত গুৱাহাটীলৈ আহি ইয়াৰ অলিয়ে গলিয়ে দেখা পোৱা অসহায় বেমাৰী , যন্ত্ৰণাকাতৰ ,দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কুকুৰবোৰক প্ৰাণী পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰি শুশ্ৰূষা কৰাৰ ধাৰণা মনত পোখাইছিল পশুপ্ৰেমী নন্দনৰ । প্ৰথমাৱস্থাত কুকুৰবোৰক নিজৰ গাড়ীত বহুৱাই ঘৰলৈ নি শুশ্ৰূষা কৰিবলৈ ধৰিছিল নন্দনে । কিন্তু কালক্ৰমত কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাত খানাপাৰা ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে বিশেষ প্ৰতিপালন কেন্দ্ৰ স্থাপন কৰা হৈছিল । উপশম হৈছিল কুকুৰৰ জীৱন যন্ত্ৰণাৰ । বহু লোক সাক্ষী নন্দনৰ এই পশুপ্ৰেম যাত্ৰাৰ ।এতিয়ালৈকে বহুজনে সহায়ৰ হাতো আগবঢ়াইছে । কুকুৰৰ উপৰিও আঘৰী গৰু ,চৰাই আদিও চিকিৎসাৰ বলত আৰোগ্য হৈ উঠাৰ উদাহৰণ আছে । বহুক্ষেত্ৰত নিজৰ ধনেৰে আৰু কেতিয়াবা পশু চিকিৎসালয় কৰ্তৃপক্ষই যোগান ধৰা দৰৱেৰে চিকিৎসা চলে দুৰ্ঘটনাগ্ৰস্ত প্ৰাণীবিলাকৰ । খানাপাৰা ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰাণী প্ৰতিপালন কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি পশুপ্ৰেমৰ বিৰল নিদৰ্শনক ভূয়সী প্ৰশংসা কৰে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ,সাংবাদিক হোমেন বৰগোহাঞিয়ে । প্ৰকৃতিপ্ৰেমী নন্দন প্ৰতিমৰ ভাষাত জীৱ-জন্তুৱে মানুহৰ দৰে যন্ত্ৰণা প্ৰকাশ কৰিব নোৱাৰে সঁচা,কিন্তু আমি সিঁহতৰ যন্ত্ৰণাক উপলব্ধি কৰিবলৈ শিকা উচিত আৰু জীৱ-জন্তুৰ প্ৰতি দায়ৱদ্ধ হৈ নিজ কৰ্তব্যখিনি পালন কৰা উচিত । এগৰাকী দায়ৱদ্ধ নাগৰিক হিচাপে নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ এই যাত্ৰা অক্ষুন্ন থাকক ।