বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। বিশ্বকৰ্মা পূজা মানেই দূৰ্গা পূজাৰো আগমন। এইবাৰ বিশ্বকৰ্মা পূজাৰ দিন সলনি হৈছে। কিয় সলনি হ’ল পূজাৰ দিন বিষয়টোক লৈ বহুতেই চৰ্চা চলাই আছে।

সাধাৰণতে প্ৰায় প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পালিত হয় ১৭ ছেপ্টেম্বৰত। কিন্তু এই বছৰ নিয়ম সলনি হৈছে। ২০২৩ চনৰ বিশ্বকৰ্মা পূজা ১৭ ৰ সলনি ১৮ ছেপ্টেম্বৰত পালিত হ’ব। হিন্দু ধৰ্মত অন্য সকলো দেৱ দেৱীৰ পূজাৰ সৈতে ইংৰাজী কেলেণ্ডাৰৰ কোনো সামঞ্জস্য নাই। বিদ্যাৰ দেৱী সৰস্বতী, অৰ্থৰ দেৱী লক্ষ্মী বা শক্তিৰ দেৱী দূৰ্গা, কালি পূজাৰো দিন মাজে মাজে সলনি হয় যদিও বিশ্বকৰ্মা পূজা মানেই প্ৰতি বছৰ ১৭ছেপ্টেম্বৰত পালিত হয়।

প্ৰকৃততে সনাতন ধৰ্ম অনুসৰি সকলো দেৱ-দেৱীৰ পূজাৰ তিথি চন্দ্ৰৰ গতি বিধিৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়ে চন্দ্ৰ পঞ্জিকা নীতি অনুসৰণ কৰা হয়। কিন্তু একমাত্ৰ বিশ্বকৰ্মা পূজা সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। বছৰত ছমাহ উত্তৰায়ন আৰু ছমাহ দক্ষিণায়ন। দক্ষিণায়নৰ ছমাহ দেৱতাসকল নিদ্ৰাৰত অৱস্থাত থাকে। আৰু উত্তৰায়ণৰ ছমাহ দেৱতাসকলৰ জাগ্ৰত অৱস্থাত থাকে। সূৰ্যই সিংহ ৰাশিত গমন কৰিলে উত্তৰায়ণ। দেৱতাসকলে নিদ্ৰাৰ পৰা উঠাৰ সময়তে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। হিন্দু পঞ্জিকামতে দুটা প্ৰধান শাখা সূৰ্যসিদ্ধান্ত আৰু বিশুদ্ধসিদ্ধান্ত।

বিশ্বকৰ্মা পূজাৰ দিন ভাদ মাহৰ সংক্ৰান্তি অৰ্থাৎ ভাদ মাহৰ শেষ তাৰিখ। ভাদ সংক্ৰান্তিৰ আগত ৫ টা মাহ থাকে। এই পাঁচটা মাহৰ দিন সংখ্যা মুঠ ১৫৬ দিন। এই নিয়ম মানিয়েই বিশ্বকৰ্মা পুজা ১৭ ছেপ্টেম্বৰত পালিত হয়। কোনো কোনো বৰ্ষত এই মাহৰ মাজত কোনোটো মাজত যদি ২৯ দিন আৰু ৩২ দিন থাকে তেন্তে বিশ্বকৰ্মা পূজাৰ দিন পিছুৱাই যায়। এয়া খুবেই ব্যতিক্ৰমী ঘটনা। এই ব্যতিক্ৰমী ঘটনা দেখা যাব এই বছৰতেই। এই পাঁচ মাহৰ দিন সংখ্যা বাঢ়ি ১৭ নহৈ ১৮ বছৰত পালিত হ’ব বিশ্বকৰ্মা পূজা।