ৰঙিয়াতো মঙলবাৰে বিজেপি দলৰ উদ্যোগত তথা ভাতৃ সংগঠন যুৱ মৰ্চাৰ সহযোগত বাইক ৰেলী উলিওৱা হয় ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

ৰঙিয়াৰ চেপ্তিৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা আৰম্ভ কৰি ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনৰ কাষত সমাপ্ত কৰা হয় ৰেলী ।প্ৰায় দুই শতাধিক বাইকেৰে উলিওৱা ৰেলীত ৰঙিয়া ব্লক আৰু নগৰ মণ্ডলৰ লগতে যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে ।দলটোৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই উদ্বোধন কৰাৰ লগতে অংশগ্ৰহণো কৰা বিশাল ৰেলীটোত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংক অংকুৰ বৰুৱাইও সহযোগ আগবঢ়াই ।স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰেলীৰ জৰিয়তে সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰি ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষট কাৰ্যসূচীৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা পৰিলক্ষিত হয় ।