ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত মিচিং সাহিত্য সভাৰ ৩৮ সংখ্যক ভাষা দিৱস উদযাপন।

অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সাহিত্য সভাৰ আজি ৩৮ সংখ্যক মিচিং ভাষা দিৱস।

এই উপলক্ষে আজি মিচিং সাহিত্য সভাৰ আঞ্চলিক সমূহে মিচিং ভাষা দিৱসটি উদযাপন কৰিছে।

সমান্তৰালভাৱে আজি গা ডাঙৰ চুক গাঁৱত অৱনৰি, বিল্লাম আৰু চাংগা অৱনৰি আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মিচিং ভাষা দিৱসটি আয়োজন কৰিছে।

ইফালে বৰ্ষামুখৰ ৰিক্কং অৱনৰি বাংকে ১ নং পাৰঘাটত গাঁৱতো মিচিং ভাষা দিৱসটি আয়োজন কৰে।

গা ডাঙৰ চুকত আয়োজিত মিচিং ভাষা দিৱসৰ কাৰ্যসূচী 

কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ,পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপণ অনুষ্ঠিত হয়।

সমবেত সংগীতেৰে মুকলি সভা শুভাৰম্ভ কৰা হয়।

এই সভাতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

ইফালে এই মুকলি সভাতে গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰে চৌদিশ।

নিশালৈ সন্ধা সাংস্কৃতিক অনুষ্ঠানে জীপাল কৰি তোলে।