২০ অক্টোবৰ ৰ পৰা আৰম্ভ হব লগা  পাঁচ দিনীয়া শাৰদীয় দুৰ্গোৎসব ক লৈ বৃহতৰ ৰহা, চাপৰমুখ ৰ বিভিন্ন অঞ্চলত সমিতি সমুহৰ দ্বাৰা দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে ৰহা নগৰৰ মাজমজিয়াত অনুষ্ঠিত হোবা চাৰিখন পূজা সমিতিয়ো পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

     ৰহা বজাৰৰ মাজমজিয়াত অনুষ্ঠিত হোবা ৰহা সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা উৎসব উদযাপন সমিতিয়ো পূজাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে যোবা ৩ চেপ্তেম্বৰ ত পূজা মন্দিৰ ত উদযাপন সমিতিৰ সভাপতি অচ্যুত নাৰায়ন মেধীৰ সভাপতিত্ব অনুষ্ঠিত হোবা সভাত সৰ্বসম্মতীিত অচ্যুত নাৰায়ন মেধীক সভাপতি,ধীৰেন শৰ্মাক সম্পাদক, প্ৰবীন ভূঞাক কাৰ্য্যকৰী সভাপতি,কমল চন্দ্ৰ শৰ্মা(সোনমনি)ক কোষাধ্যক্ষ হিচাপে লৈ উৎসব উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ ৫খন উপসমিতি গঠন কৰি আগন্তুক দুৰ্গোৎসবৰ প্ৰস্ততি আৰম্ভ কৰিছে।লগতে এইবাৰ ৰহা পুৰনাচাৰিআলী দুৰ্গা পূজা উদযাপন সমিতিৰ ৰূপালী জয়ন্তী ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

ৰহা সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা উৎসব   উদযাপন সমিতিয়ে জানিব দিয়া মতে ১৪ অক্টোবৰ পূবা ৪.৩০ বজাত মহালয়া উপলক্ষে প্ৰাত:ভ্ৰমন আৰু সন্ধিয়া ৫বজাৰ পৰা মন্দিৰত আয়তীসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাংগলিক ধ্বনিৰে আৰতি কৰা হব।২০অক্টোবৰত ষষ্ঠী পূজা,দেবী ৰ আমন্ত্ৰণ অধিবাস।২১অক্টোবৰত মহা সপ্তমী পূজা,কল্পাৰম্ভ।

২২অক্টোবৰত মহা অষ্টমী পূজা,২৩অক্টোবৰত মহা নবমী পূজা,কুমাৰী পূজা অনুষ্টিত হোবাৰ পাছত বিয়লী ননৈ নামতি দলৰ দ্বাৰা নাম প্ৰসঙ্গ।২৪অক্টোবৰত মহা দশমী বিহিত পূজা, অপৰাজিতা পূজা আৰু বিয়লী ৩বজাত শোভাযাত্ৰাৰে লৈ গৈ দেবী প্ৰতিমা বিসৰ্জন কৰা হব।২৮ অক্টোবৰ ত মহা লক্ষ্মী পূজা অনুষ্ঠিত হব।