চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ পৌৰহিত্ত্বত জিলা আয়ুক্তৰ সভা কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত আগন্তুক খেল মহাৰণ সাংস্কৃতিক মহাসংগ্ৰাম তথা অমৃত বৃক্ষ আন্দোলনৰ কাৰ্য্যসূচী সুচাৰুৰূপে ৰূপায়ণ কৰাৰ সন্দৰ্ভত বিতং আলোচনা কৰাহয়।তিনিওটা কাৰ্য্যসূচীৰ সৈতে জড়িত সমুহ বিষয় ববীয়াৰ উপস্থিতিত জিলা আয়ুক্ত গৰাকীয়ে গাঁও -পঞ্চায়ত পৰ্য্যায়ৰ , সমষ্টিআৰু জিলা পৰ্য্যায়ৰ ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা, আৰু বিস্তৃত কাৰ্য্যসূচী সমুহ সুচাৰু ৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সচিব, জিলাখনৰ খণ্ড উন্নয়ণ বিষয়া সকল আৰু সংশ্লিষ্ট সকলোকে দিহা-পৰামৰ্শ আগবঢ়ায়।
সোণাৰীত চৰাইদেউ জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত, অমৃত বৃক্ষ আন্দোলনৰ লগতে বিভিন্ন বিষয়ক লৈ আলোচনা।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2023/09/nerity_54dfad80bbb1943845ef6f91b1944641.jpg)