শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ উপমা বড়াৰ মৃত্যুত তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগত মত বিনিময় কৰে বিজেপিৰ অসম প্ৰদেশ ৰাজ্যিক মহিলা মৰ্চাৰ উপসভানেত্ৰী দিপীকা কাকতি দুৱৰীয়ে।এইসময় ছোৱাত মহিলা মৰ্চাৰ সদস্যসকলো উপস্থিত আছিল। বিজেপি শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী তথা শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ সদস্যা উপমা বড়াৰ মৃত্যু ৰ সময়ত দলীয় কাম-কাজৰ কাৰণে সেই সময়ত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে মহিলা মৰ্চাৰ।সভানেত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰে।