শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ বিতৰ্কৰ অৱসান কেতিয়া? দুয়ো পক্ষৰ অৰিয়া-অৰিত ৰুষ্ট স্থানীয় বছা পুলিকাইটবাসীI শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰৱেশ দ্বাৰৰ  তলা খোল খালে যদিও অন্ত হোৱা নাই  বিতৰ্কৰ।  দীৰ্ঘদিনে চলি অহা শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ বিতৰ্কই লৈছে অন্য ৰূপ। এইবাৰ দুয়োপক্ষৰ অৰিয়া-অৰিয়ত ৰুষ্ট হৈ পৰিছে তৃতীয় পক্ষ। তৃতীয় পক্ষ অৰ্থাৎ স্থানীয় গাঁওবাসীয়ে দাবী কৰিলে হয় চৰকাৰী কৰণ কৰক অন্যথা পৰিচালনাৰ দায়িত্ব আমাক অৰ্পণ কৰক। 

Sponsored

The Silver Spoon - Hotel & Restaurant Bundi (Raj)

AC Room, AC Restaurant, AC Meeting Area Facility Available

ঐতিহাসিক শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ দুটা পক্ষৰ অঁৰিয়া-অৰিত ৰুষ্ট হৈ পৰিছে এতিয়া স্থানীয় গাঁওবাসী। নামঘৰভাগ অৱস্থিত বছা পুলিকাঁইট গাঁওবাসীয়ে ঐতিহাসিক নামঘৰভাগৰ গৰিমা ম্লান কৰাৰ লগতে এনে পৰিস্থিতি উদ্ভৱ কৰাত নিজে লজ্জানত বুলি উল্লেখ কৰি দুয়োপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে। উক্ত স্থানীয় গাঁওবাসীক নামঘৰৰ ন্যাৰ্য অন্তৰ্ভুক্তিৰ পৰা বঞ্চিত কৰি প্ৰায় ১০-১২ কিলোমিটাৰ নিলগৰ অন্যান্য গাঁৱৰ পৰা আহি এনে পৰিৱেশ আৰু পৰিস্থিতি উদ্ভৱ কৰা বুলি মন্তব্য কৰে। সেয়েহে স্থানীয় ৰাইজে নামঘৰৰ ঐতিহ্য আৰু গৰিমা ৰক্ষা কৰাৰ স্বাৰ্থত কোনো পক্ষক পৰিচালনা কৰিবলৈ নিদি চৰকাৰী কৰণ অথবা নামঘৰভাগ অৱস্থিত গাঁওখনৰ ৰাইজক দায়িত্ব দি বিষয়টো স্থায়ী সমাধান কৰিবলৈ গোলাঘাট জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে উচ্চ ন্যায়ালয়ে নিদেশমৰ্মে ৮চেপ্তেম্বৰত  পূৰ্বৰ পৰিচালনা সমিতিয়ে এখনি সাধাৰণ সভা পাতি তাতে এখন নতুন সমিতি গঠন কৰে । আজি নতুন সমিতি খনে কাৰ্য্যভাৰ লোৱা কথা আছিল ।কিন্তু কৰ্ণধাৰ সমিতিয়ে উক্ত নতুন সমিতি খন অবৈধ ঘোষণা কৰি আজি মূল প্ৰবেশ দ্বাৰত তলা লগাই দিছিল। পিছত  গোলাঘাটৰ দণ্ডাধীশ অম্লান জ্যোতি ফুকন আৰু  ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাৰ উপস্থিতিত প্ৰৱেশ দ্বাৰ মুকলি কৰি দিয়ে কৰ্ণধাৰ সমিতিয়ে। ইয়াৰ পিছতেই দণ্ডাধীশ আৰু মহকুমা আৰক্ষী বিষয়াই  কৰ্ণধাৰ সমিতিৰ সৈতে আলোচনাত মিলিত।
এতিয়া সকলোৰে প্ৰশ্ন আৰু কিমান দিন লাগিব ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বিতৰ্ক অৱসান হ’বলৈ। নামঘৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিব কোনো? পূৰ্বৰ পৰিচালনা সমিতিয়ে নে কৰ্ণধাৰ সমিতিয়ে । নে  স্থানীয় ৰাইজৰ স্বৰ্ত অনুসৰি চৰকাৰীকৰণ বা স্থানীয় ৰাইজৰ ওপৰত পৰিচালনাৰ দায়িত্ব অৰ্পন কৰিব। সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই।