পদত্যাগ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। মঙলবাৰে পুৱা জেডিইউৰ বিধায়ক-সাংসদৰ বৈঠকৰ পাছত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল নীতিশ কুমাৰে। 

আশা কৰা হৈছে যে বুধবাৰে নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। 

উল্লেখ্য যে ১৯৭৪ চনৰ বিহাৰ ছাত্ৰ আন্দোলনৰ পৰাই বিহাৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছে নীতিশ কুমাৰ। ১৯৯০ চনত লালু প্ৰসাদক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাত তেওঁ যথেষ্ট সহায় কৰিছিল। 

পিছলৈ লালু প্ৰসাদৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু তেওঁ জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে লগ লাগি সমতা পাৰ্টি গঠন কৰে। ইয়াৰ পিছত ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ এন ডি এত যোগদান কৰে। 

পিছত নীতিশ কুমাৰ কেন্দ্রীয় ৰেল মন্ত্রী হৈ পৰৱর্তী সময়ত অৰ্থাত ২০০০ চনত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত লৈছিল৷