গঢ়াখহনীয়া প্ৰতিৰোধ, প্ৰাথমিক বিদ্যালয় স্থাপন, পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক ভূবন পেগুৰ 

 জোনাই: এশ এবোৰি সমস্যাৰে জৰ্জৰিত জোনাইৰ মহকুমাৰ তেলাম গাওঁ পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ কৰৈবাৰি অঞ্চল। অৰুণাচল প্ৰদেশৰ সীমাতে লাগি থকা কৰৈবাৰি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। কৰৈবাৰি অঞ্চলত প্ৰায় আঠ শ পৰিয়ালে বসবাস কৰি আহিছে বছৰ বছৰ ধৰি। গোৰ্খা, বড়ো, ৰাজবংশী, মিচিং জনগোষ্ঠীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বসবাস কৰি আহিছে এই বৃহত্তম কৰৈবাৰিত। এই বৃহৎৰ কৰৈবাৰিৰ গোৰ্খা, বড়ো, মিচিং, বৰমন আৰু মাজগাওঁ চুবুৰীত বসবাস কৰা প্ৰায় আঠ শ পৰিয়াল কেৱল দিন হাজিৰা কৰি খাটি খোৱা লোক। কোনোয়ে হয়তো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰে, আন কোনোয়ে আদি খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে। এনে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে বসবাস কৰা বৃহত্তৰ কৰৈবাৰি শিশু, কিশোৰ কিশোৰী অধ্যনৰ ক্ষেত্ৰত বিশেষ সমস্যাত পৰে। প্ৰত্যেক দিনাই অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধ বনিতালৈ বিভিন্ন সমস্যাৰ যন্ত্ৰণাত ভূগি থাকে। বিশেষকৈ গৰাখহনীয়া, বিদ্যালয়ৰ অভাৱ, বাট পথৰ পয়ালগা দৃশ্য, চিকিৎসাজনিত সমস্যা আদিত দৈনিক হাহাকাৰ কৰিবলগীয়াত পৰে অঞ্চলটোৰ গঞা। 

    জোনাই লখীপথাৰৰ ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত অৱস্থিত কৰৈবাৰি অঞ্চলৰ এশ এবোৰি সমস্যা বৰ্তমানেও চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰা নাই । সমস্যাৰে জৰ্জৰিত কৰৈবাৰি অঞ্চলৰ জনসাধাৰণে দৈনিক চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰে। জৰুৰী অৱস্থাত পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ সোমাই আহিব নোৱাৰে এম্বুলেন্স, অগ্নিনির্বাপণ বাহিনীৰ গাড়ী। বিশেষকৈ লখীপথাৰৰ পৰা ৰেলৱে ট্ৰেক হৈ কৰৈবাৰিলৈ অহা পথত ৰেল গেট নথকাত জৰুৰীকালীন সময়ত বিশেষ অসুবিধাত পৰে লোকসকল। বৃহত্তৰ অঞ্চলত নাই এখনো চৰকাৰী বিদ্যালয়, নাই অংগনবাডী কেন্দ্ৰ। প্ৰাথমিক বিদ্যালয়ৰ অভাৱত কণ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় তিনি কিলোমিটাৰ দূৰৈত থকা বিদ্যালয়ত খোজ কাঢ়ি যাবলগীয়াত পৰে। আনহাতে চিকিৎসালয়ৰ অভাৱত দৈনিক হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ প্ৰসূতি মহিলা কিম্বা ৰোগীয়া ৰাইজে। ইপিনে পথৰ দুৰৱস্থাৰ বাবে আহিব নোৱাৰে এম্বুলেন্স, আনপিনে অঞ্চলটোত নাই এখন উপ চিকিৎসালয়। তদুপৰি অঞ্চলটোত নাই এটা পশু চিকিৎসালয়। দিন হাজিৰা আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল বৃহত্তৰ অঞ্চলত বহু সময়ত পশু ধন চিকিৎসাৰ অভাৱত মৃত্যু হয়। এনে এশ এবোৰি সমস্যাৰ মাজতে ভোতৰ ওপৰত দানৱ পৰাৰ দৰে অৰুণাচল প্ৰদেশত পৰা বৈ অহা ডিকাৰী নদীয়ে লৈছে ভয়ংকৰ ৰূপ। শশ হেক্টৰ ভূমি ইতিমধ্যে গঢ়াখহনীয়াৰ ফলত ডিকাৰী নৈত বিলীন হৈছে। অঞ্চলটোৰ প্ৰায় ৩৫ টা পৰিয়ালৰ ঘৰ বাৰী সকলো ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। বিগত তিনি বছৰে ডিকাৰী নৈৰ ভয়ংকৰ ৰূপ দেখি চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ গঞা। 

     এনে এশ এবোৰি সমস্যাৰ মাজতে আজি জোনাইৰ বিধায়ক ভূবন পেগুয়ে কৰৈবাৰি অঞ্চলৰ ডিকাৰী নৈৰ গঢ়াখহনীয়া পৰিদৰ্শন কৰে। গঢ়াখহনীয়া পৰিদৰ্শন কৰি ৰাইজক শীঘ্ৰে গঢ়াখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিয়ে বিধায়ক পেগুয়ে। তদুপৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত প্ৰাথমিক বিদ্যালয়, আৰু পকী পথ শীঘ্রই নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ৰাইজক।