যুৱতীৰ আক্রমণ ত আহত পিতৃ, -মাতৃৰ লগতে স্থানীয় ৰাইজ। 

একাংশ উদণ্ড যুৱকৰ উন্ডাদালি বাতৰি সময়ে সময়ে প্ৰকাশ পাই অহাৰ সময়তে ঘিলামৰা ৰ মৰনৈ গাওঁ পঞ্চায়তৰ এখন প্ৰত্যন্ত গাঁৱত এজনী অবিবাহিতা যুৱতী য়ে গাঁৱত সন্ত্রাস চলোৱা লগতে নিজৰ জন্ম দাত্রী পিতৃ মাতৃক চোকা অস্ত্র ৰে আক্ৰমণৰ কৰা এক খবৰে ঘিলামৰা ত চাঞ্চল্য ই বিৰাজ কৰিচে। 

প্ৰাপ্ত বাতৰি অনুসৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মৰনৈ গাওঁ পঞ্চায়তৰ কৌপাতনি গাঁৱৰ টংকেশ্বৰ চুতীয়া আৰু হিতেশ্বৰ চুতীয়া ৰ ৪০ বছৰীয়া অবিবাহিত যুৱতী গৰাকী য়ে বিগত সময়চোৱাত পৰিয়ালৰ মাজত হাই কাজিয়া কৰি ওচৰ চুবুৰীয়া ৰ লগতে গাওঁ খনত এক উচ্ছৃঙ্খল পৰিৱেশ সৃষ্টি কৰি আহিছিল। গাঁওখনৰ সহজ সৰল মানুহে অবিবাহিতা যুৱতী গৰাকী আচৰন প্ৰথম অৱস্থাত সাধাৰন ঘটনা বুলি এৰাই চলিছিল। দুই এক সাধাৰন ঘটনা ৰ পিছতে যুৱতী গৰাকী নিজৰ আত্মীয় স্বজন ক চোকা অস্ত্র ৰে প্ৰহাৰ কৰা লগতে গাওঁ খনত যুৱতী গৰাকী হৈ পৰিল এক আতংক। পৰৱৰ্তী সময়ত গাৱঁৰ ৰাইজ অতিষ্ঠ হৈ ৰাজহুৱা সভা পাতি যুৱতী গৰাকী ক শাস্তি আৰু জৰিমনা পযর্ন্ত ভৰাই ছিল। কিন্তু অত্যন্ত যুক্তি তর্ক আৰু উদণ্ড প্ৰকৃতিৰ যুৱতী গৰাকী য়ে শেহতীয়া কৈ ৩১ আগষ্ট দিনা যুৱতী গৰাকী য়ে পিতৃ টংকেশ্বৰ চুতীয়া আৰু মাতৃ সোমেশ্বৰী চুতীয়া ক চোকা অস্ত্র ৰে আক্ৰমণৰ কৰি গুৰুত্ব ভাৱে আহত কৰে। এই আক্ৰমণ ঘোৰ নিন্দা কৰি গাঁও খনৰ মহিলা সমিতিয়ে এক গোটা হৈ ঘিলামৰা আৰক্ষী থানাত যুৱতী গৰাকীৰ সমস্ত ঘটনা সবিস্তাৰে প্ৰকাশ কৰি এখন এজাহাৰ দাখিল কৰে। ঘিলামৰা আৰক্ষী য়ে এজাহাৰ ভিত্তিতে আজি লিলি চুতীয়া নামৰ উদণ্ড প্ৰকৃতিৰ যুৱতী গৰাকী ক আটক কৰে। আনহাতে পুব্বেও স্থানীয় ৰাইজে যুৱতী গৰাকী আচৰন আৰু গাঁও খনৰ পুৰুষ মহিলা ক আক্ৰমণৰ বলি হোৱাত কেইবাবাৰো এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষী য়ে কোনে ব্যবস্থা লোৱা নাচিল।

 ঘিলামৰা আৰক্ষীয়ে যাতে কোনো কাৰণতে এই উদণ্ড প্ৰকৃতিৰ যুৱতী গৰাকী এৰি নিদিয়ে তাৰ বাবে ঘিলামৰা আৰক্ষী থানাত গাঁওখনৰ মহিলা সমিতিয়ে  মিলিত হৈ যুৱতী গৰাকীক কঠোৰতম শাস্তি ৰ দাবী জনাইছে।