৮ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ।

কাম নকৰাকৈয়ে ঠিকাদাৰে ধন আত্মসাৎৰ অভিযোগ দল সংগঠন।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদৈবাম আৰু বেবেজীয়া সংযোগী পথত সংঘটিত হৈছে ভয়ংকৰ অনিয়ম।

৯ মাহৰ কাম ৩ বছৰে সম্পূৰ্ণ নহ'ল গুৰুত্বপূৰ্ণ এই পথটো।

PMGSY ২০২০-২১ ৰ অধীনত সৰিয়নি বজাৰৰ পৰা মৰনৈ বেবেজীয়ালৈকে পথটোৰ নিৰ্মাণত আৱন্তিত হৈছিল ৭ কোটি ৯৬ লাখ ৯২ হাজাৰ ৩০০ টকা।

ৰাজীৱ চাহু নামৰ ঠিকাদাৰজনে নিৰ্বিদা লাভ কৰিছিল পথটো নিৰ্মাণত।

কিন্তু ইয়াৰ বিপৰীতে মাত্ৰ ৩ কিলোমিটাৰ কাম কৰি পথৰ আধা কাম সম্পূৰ্ণ নকৰাকৈয়ে বিষয়া কৰ্মচাৰীৰ সৈতে মিতিৰালি কৰি উলিয়াই নিলে ৬ কোটি ৭৭ লাখ ৮৮ হাজাৰকৈ টকা।

কেৱল এইয়াই নহয় ঠিকাদাৰে কেইজনমান ব্যক্তিৰ সৈতে মিলি নিজ খেয়াল খুচি মতে একেবাৰে নিম্নমানদণ্ডৰে সঠিক ৰূপত কাম নকৰাৰ অভিযোগ দল সংগঠনৰ।

ইয়াৰ পূৰ্বেও পথটো পকী কৰাৰ পিছতে চপৰা চপৰে এৰি গৈছিল ব্লেক টেপিং।

RTI তথ্য অনুসৰি এই তথ্য লাভ কৰাৰ পিছতে আজি TMPK বিলমুখ আঞ্চলিক সমিতি আৰু সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাই এই কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিয়াৰ লগতে ঠিকাদাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

কেৱল এইয়াই নহয় পথটো যতে ততে খান্দি যধে মধে শিল পেলাই কাম কৰাৰ পিছতে দৈনিক সদাব্যস্ত পথটোৰ বাবে নৰক যান্ত্ৰনা ভোগিছে ৰাইজে।

যতে যতে পুখুৰী সদৃশ গাঁতৰ বাবে ৰাইজৰ লগতে শ শ ছাত্র ছাত্ৰীয়ে কেইবাখনো কলেজ, বিদ্যালয়লৈ এই পথেৰে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে ।

সময়মতে কাম সম্পূৰ্ণ নকৰি চৰকাৰী ধন লুণ্ঠন কৰা ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি মুক্ত কথা কোৱা চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ'ব।