আজি ৩০ আগষ্ট । গ্ৰাহক সকলৰ বেংক একাউন্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ আজি অন্তিম দিন । চৰকাৰী ভাবে ঘোষিত এই নিৰ্দেশনা অনুসৰি বিগত প্ৰায় এটা পষেক ধৰি ভাৰতীয় ষ্টেট বেংকৰ ঢকুৱাখনা শাখালৈ গ্ৰাহক সকলৰ আগমন ঘটি আহিছে । পুৱা প্ৰায়,৫ বজাৰ পৰা বেংকৰ সন্মুখত বোন্দা পৰ দি বেংক একাউন্টৰ সতে আধাৰ কাৰ্ড লিংক কৰিবলৈ অপেক্ষা কৰা দূৰণিবতীয়া গ্ৰাহক সকলৰ প্ৰতি অনুগত্যশীল নোহোৱা বেংক কৰ্তৃপক্ষই প্রতি দিনে মাত্ৰ ৬০ গৰাকী গ্ৰাহকক টোকেন দি এই আধাৰ লিংক কৰাৰ কাম শামুকীয়া গতিৰে চলাই আহিছিল । বুধবাৰে এই আধাৰ লিংক কামৰ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বেংক কৰ্তৃপক্ষৰ বেপৰোৱা পদক্ষেপৰ স্বত্তেও বঞ্চিত গ্ৰাহক সকলে পুৱাই আহি বেংকৰ বন্ধ দ্বাৰৰ সন্মুখত অৱস্থান কৰিছিল । কেইবা শতাধিক গ্ৰাহকে অন্তিম দিনা এই সুবিধা গ্ৰহণ কৰাৰ বাবে নাখাই নুশুই বেংকত উপস্থিত হৈছিল যদিও পুনৰ বাৰ এইসকল গ্ৰাহকক প্ৰতাৰণা কৰে বেংক কৰ্তৃপক্ষই । ক্ষুব্ধ গ্ৰাহক ৰাইজে অভিযোগ কৰা মতে পুৱা ৫বজাৰ পৰা বেংকৰ সন্মুখত অপেক্ষা কৰা বিভিন্ন অঞ্চলৰ শ শ গ্ৰাহকে বেংক খোলাৰ লগে লগে প্ৰৱেশ কৰি এই আধাৰ লিংকৰ বাবে সংশিষ্ট কৰ্মচাৰীৰ কাষ চাপে যদিও কৰ্তৃপক্ষই মাত্ৰ ৬০ গৰাকী গ্ৰাহকৰ বাবেহে "টোকেন" ইছ্যু কৰা হব বুলি ঘোষণা কৰাত এক উশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় বেংকত । বাৰম্বাৰ কৰ্তৃপক্ষক সকলোকে এই সুবিধা প্ৰদানৰ অনুৰোধ কৰিও বিমুখ হোৱা গ্ৰাহক ৰাইজ অৱশেষত বিফল মনোৰথ লৈ ঘৰ মুৱা হব লগা হয় । গ্ৰাহক ৰাইজৰ অভিযোগ প্ৰায় ৬মাহ মানৰ পূৰ্বে এই আধাৰ লিংক কৰিবলৈ বেংক কৰ্তৃপক্ষই গ্ৰাহক ৰাইজৰ পৰা আধাৰ কাৰ্ড পান কাৰ্ড , ই কে ৱাই চি সহ আবেদন পত্ৰ সংগ্ৰহ কৰিছিল । কিন্তু দায়িত্বহীন বেংক কৰ্তৃপক্ষই গ্ৰাহকৰ পৰা সংগৃহীত এই নথিপত্ৰ সংশ্লিষ্ট একাউন্টত সংলগ্ন কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি পৰ্যন্ত । যাৰ বাবে গাঁঠিৰ ধন ভাঙি গ্ৰাহক ৰাইজে জমা দিয়া গুৰুত্বপূৰ্ণ নথিপত্ৰ অৰ্থহীন হৈ জাবৰৰ মাজত পৰি ৰল । শেহতীয়া ভাবে পুনৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে যদিও দৈনিক মাত্ৰ ৬০ গৰাকী গ্ৰাহকৰ বাবে এটা মাত্ৰ কাউণ্টাৰত এই ব্যৱস্থা অব্যাহত ৰখাত বেংকটোৰ গৰিষ্ঠ সংখ্যক গ্ৰাহক বঞ্চিত হৈছে আৰু এই জটিল বিষয়ক লৈ গ্ৰাহকৰ মাজত হাঁহাকাৰ লাগিছে । বেংক কৰ্তৃপক্ষৰ বেপৰোৱা দৃষ্টিভংগীৰ বাবে এনে দৰে গ্ৰাহক প্ৰাপ্য সেৱাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি বহু গ্ৰাহকে অন্য বেংকত একাউণ্ট খুলি এছ বি আই ৰ একাউণ্ট বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি অতি ক্ষোভেৰে জনালে । প্ৰতি বাৰে এছ বি আই বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ (চি এছ পি)ৰ পৰা ই কে ৱাই চি উলিওৱাৰ নামত নূন্যতম এশ টকাকৈ দিব লগীয়া হোৱাৰ পাছতো কেৱল বেংক কৰ্তৃপক্ষৰ দুৰ্বল ভূমিকা আৰু অদক্ষ পৰিচালনাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহক ৰাইজৰ প্ৰতি এই সেৱা সহজলভ্য কৰাত চূড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ বাবেই একাংশ গ্ৰাহকে এছ বি আই ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जसवंतपुरा ग्राम में अज्ञात कारणों के चलते युवक ने लगाई फांसी हुई दर्दनाक मौत
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने वाले जसवंतपुरा...
પાટડી: બજાણાની સીમમાં નેક મારફતે આવતું નર્મદાનું પાણી ખેતરમાં ફરી વળ્યું
પાટડી: બજાણાની સીમમાં નેક મારફતે આવતું નર્મદાનું પાણી ખેતરમાં ફરી વળ્યું
બગસરા માર્કેટીંગ યાર્ડ ખાતે ભાજપના કાર્યકર્તાઓનુ પ્રવાસી પરિચય બેઠકનું આયોજન કરવામાં આવ્યું
બગસરા માર્કેટીંગ યાર્ડ ખાતે ભાજપના કાર્યકર્તાઓનુ પ્રવાસી પરિચય બેઠકનું આયોજન કરવામાં આવ્યું
Israel Hamas War: इसराइली सेना बोली- ग़ज़ा में ग़लती से इसराइल के तीन बंधक मारे गए (BBC Hindi)
Israel Hamas War: इसराइली सेना बोली- ग़ज़ा में ग़लती से इसराइल के तीन बंधक मारे गए (BBC Hindi)
‘Faulty design, will take action’: CM Nitish Kumar's first reaction to Bihar bridge collapse
Bihar CM Nitish Kumar assured that the state government will look into the bridge collapse and...