চৰাইদেউত জিলা কৃষি বিভাগৰ উদ্যোগত  হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত বাটৰ নাট প্ৰদৰ্শন

সোণাৰি, ৯ আগষ্ট: চৰাইদেউ জিলা কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ সহযোগিতাত আজি 'আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। ঘৰে ঘৰে জাতীয় পতাকাৰ লগোৱাৰ বিষয়ে সাধাৰণ ৰাইজক সজাগ কৰোৱা হয় এই নাটৰ জৰিয়তে। লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা এই নাটখন সফল ৰূপায়নত সহায় কৰে মথুৰাপুৰ আৰক্ষী থানাৰ বিষয়া-কৰ্মচাৰীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া চৈয়দ মোস্তাইন হুছেইন, প্ৰণৱজীত চেতিয়াকে প্ৰমুখ্যে কৰি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা নিকেতনৰ আচাৰ্য্য। অনুষ্ঠানটোৰ আঁত ধৰে কৃষি বিভাগৰ মিডিয়া বিশেষজ্ঞ অংকৃতা গগৈয়ে।