ৰাজ্যত পুনৰ চতুৰ্থটো বানৰ বিভীষিকা । নলবাৰী জিলাৰ টিহুৰ উত্তৰ বালিত সৃষ্টি হৈছে জলপ্ৰলয়।
মৰাপাগলদিয়াৰ বাঢ়নি পানীয়ে বুৰাই পেলালে টিহু আখৰা গড়কপ্তানী পথ । এই পৰ্যন্ত তীব্ৰ সোঁতত ববলৈ ধৰিছে নদীৰ বাঢ়নী পানী । উত্তৰ বালিত মৰাপাগলদিয়া নদীৰ উন্মুক্ত মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী । কেইবাখনো গাঁও প্লাৱিত । উত্তৰ বালিত প্ৰথমটো বানত দুঠাইত চিগিছিল মৰাপাগলদিয়াৰ মথাউৰি । ভগ্ন মথাউৰি মেৰামতি নকৰাৰ ফলত পুনৰ সোমাল পানী ।
নিশালৈকে বহু কেইখন গাও প্লাৱিত হোৱাৰ আশংকা কৰিছে স্হানীয় ৰাইজে। ক্ৰমাৎ ভয়াৱহ দিশে গতি কৰিছে ৰাজ্যৰ বান পৰিস্থিতি । এতিয়া লৈকে প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই । বানৰ কবলৰ কেইবা শ কৃষি ভূমি শস্য নষ্ট । চতুৰ্থটো বানৰ পিছতে টিহুৰ উত্তৰ বালিত কেন্দ্ৰীয় পৰিদৰ্শন দলৰ প্ৰতিনিধি সকলে পৰিদৰ্শন কৰাৰ পিছত কোনো ধৰনৰ পদক্ষেপ নলোৱাৰ অভিযোগ স্হানীয় লোকৰ ।