ভাৰত ত্যাগ আন্দোলনৰ ৮০ সংখ্যক বাৰ্ষিকীৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা প্ৰশাসনৰ সম্বৰ্ধনা অনুষ্ঠান।

ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি চৰম ত্যাগ আৰু আত্ম বলিদানেৰে নিজৰ বৰ্তমানক বলিদান দি দেশবাসীৰ ভবিষ্যত সুৰক্ষা কৰাৰ স্বাৰ্থত যিসকল চিৰ নমস্য দেশভক্তই চৰম আত্ম ত্যাগ আৰু আত্মবলিদানৰ নিদৰ্শন দাঙি ধৰিছিলে সেইসকল প্ৰবীণ মুক্তিযুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আজি চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা  আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জনাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ মুক্তি যুঁজাৰুৰ লগতে প্ৰয়াত মুক্তি যুঁজাৰুৰ পৰিবাৰকো চেলেং চাদৰ ,গামোচা, জাতীয় পতাকা আৰু ফলৰ টোপোলাৰে তেওঁলোকৰ বাসগৃহতে সম্বৰ্ধনা জনোৱাৰ লগতে  আজাদী কা অমৃত মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বিৰুৱাই জিলাখনৰ দুগৰাকী মুক্তিযুঁজাৰু ক্ৰমে, যোগেন ফুকন আৰু গোলাপী চেতিয়াক তেওঁলোকৰ স্বগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।