অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মৰাণ নগৰ শাখাৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত অহা ৩ ছেপ্তেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষ্যে অনুষ্ঠিত হব মাৰাথান দৌৰ প্ৰতিযোগিতা । এই মাৰাথান দৌৰ শেনছোৱাপুখুৰী তিনিআলিৰ পৰা আৰম্ভ হৈ কলালোৰ কোঁচ, তেলীয়া পথাৰ, পথালিবাম, খটখটিৰ বাঁওফালে গৈ মৰাণ মহবিদ্যালয়লৈ অনুষ্ঠিত হব । গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ যাতে উলিয়াই আনিব পাৰে তাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গ্ৰহন কৰিছে এই কাৰ্যসূচী ।

মৰাণৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনি সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতি দুলাল গগৈ, কাৰ্যকৰী সভাপতি বিকাশ শ্বাহ, সাধাৰণ সম্পাদক খুমলাই মহনৰ লগতে আন কেইবাগৰাকী বিষয়-ববীয়াই ।