দেশৰ ৭৭তম স্বাধীনতাৰ উপলক্ষেঅমৃত মহোৎসৱৰ অংশ হিচাবে এদিনীয়া কাৰ্য্যসূচীৰে মৰাণ শ্ৰী সিদ্ধি হনুমান মন্দিৰ চৌহদত অনুষ্ঠিত হ'ল ২১২১১ শ্ৰী হনুমান চালিচা পাঠ আৰু ভণ্ডাৰাকাৰ্য্যসূচী।

      ।পুৱাৰ ভাগত বিশেষ পূজাআৰু।জাতীয় পতাকা উত্তোলনৰ পাছত আৰম্ভ হয় হনুমান চালিচা পাঠ,বিধায়ক চক্ৰধৰ গগৈয়ে অংশ গ্ৰহন কৰা অনুষ্ঠানত প্ৰায় দুহেজাৰ ভক্তই অংশ গ্ৰহন কৰি ২১২১১ হনুমান চালিচা পাঠ সফল কৰি তোলে। আনহাতে ভাণ্ডাৰা অনুষ্ঠানত সকলোকে প্ৰসাদ বিতৰণ কৰাহয়। কাৰ্য্যসূচীৰ সফল সামৰণি পৰাত উদ্যোক্তা চাৱৰমল শৰ্মা ,কাৰ্নিদান শৰ্মা, আৰু সকলো বিষয় ববীয়াই সকলো ভক্ত আৰু দাতা সকলক সহযোগ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে