ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া ড° সঙ্গীতা শৰ্মাৰ উপস্থিতিত সোমবাৰে পুৱা ছয় বজাৰ পৰা মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ উদ্যোগত মৰাণত চাফাই অভিযান অনুষ্ঠিত কৰাহয়।এই কাৰ্য্যসূচীত সন্থাৰ সভাপতি ময়ুৰ বৰুৱা, সম্পাদক নেত্ৰজিত বৰুৱাৰ নেতৃত্ত্বত ব্যৱসায়ী সকলৰ লগতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সকলেও অংশ গ্ৰহন কৰে। কাৰ্য্যসূচীত অংশ গ্ৰহন কৰি চক্ৰ বিষয়া ড° সঙ্গীতা শৰ্মাই সকলোক নগৰ খন সদায় চাফা চিকুন কৰি ৰখাৰ আহ্বান জনায়। আনহাতে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত পাৰ্কিঙক লৈ চলি থকা বিৰোধীতা সম্পৰ্কে বিষয়া।গৰাকীয় কয় যে গাঁও পঞ্চায়তৰ নিয়ম অনুসৰি পাৰ্কিঙ কৰ তোলা হৈছেআৰু যেতিয়ালৈক স্থগিতাদেশ নাহে , তেতিয়ালৈকপাৰ্কিং সংগ্ৰহ।চলি থাকিব।