বৰ্ষ১৯৫৬ ত স্থাপিত তথা ২০২২গুনোৎসবত এ+গ্ৰেড প্ৰাপ্ত ৰহা দীঘলদৰী বালিকা প্ৰাথমিক বিদ্যালয় ত শুক্ৰবাৰে অনুষ্টিত হোবা বিদায় সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰৰ ৪গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা জনোৱা হয়।

    দুপৰিয়া ১বজাৰ পৰা কেন্দ্ৰ কাৰ্য্যকৰী সভাপতি মিত্ৰ ৰাজখোৱা ৰ সভাপতিত্বত আৰু সম্পাদক লক্ষী প্ৰসাদ ডেকা ৰ উদ্দেশ্যে ব্যাখ্যা ৰে অনুষ্ঠিত হোবা বিদায় সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত তথা সুকুমাৰী প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী লাবন্য দেবী,তিলোক চন্দ মহেশ্বৰী বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী কৰুনা কাকতি,দীঘলদৰী বালিকা প্ৰাথমিক বিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী লক্ষী প্ৰভা হাজৰিকা আৰু পূব সৰাগাওঁ প্ৰাথমিক বিদ্যালয় ৰ সহকাৰী শিক্ষয়ত্ৰী কবিতা গগৈ কেন্দ্ৰৰ ফালৰ পৰা এটা এটা ফুলাম গামোচা,শৰাই,কলম,ধৰ্মীয় গ্ৰন্থ আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা ৰ লগতে অৱসৰী জীবন সুখ শান্তিৰে পৰিপূৰ্ণ হোবা আৰু সু স্বাস্থ্যৰ কামনা কৰে।লগতে অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী সকলে কৰ্ম জীবন আৰু সতীৰ্থ সকলৰ লগত অতিবাহিত কৰা সময় বোৰ ৰোমন্থন কৰে।কন কন ছাত্ৰ ছাত্ৰী ৰ গীতেৰে মুখৰিত হোবা অনুষ্ঠানত ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়,কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰ উপ সভাপতি শ্যামন্ত দাস,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন কুমাৰ দাস, কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰঞ্জিৎ পাতৰ,সহকাৰী সম্পাদক ৰঞ্জন কুমাৰ নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী বিনিতা হাজৰিকা,দীঘলদৰী বালিকা প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী গীতাঞ্জলি দাস,শিক্ষক ভাস্কৰ পাতৰ, ১নং ৰহা প্ৰাথমিক শিক্ষক কেন্দ্ৰ ৰ সভানেত্ৰী ৰাধিকা শইকিয়া, সহ সম্পাদক পল কুমাৰ নাথ,শিক্ষয়ত্ৰী ৰীমা বৰুৱা সহ বিভিন্ন প্ৰাথমিক বিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী আৰু গনমান্য ব্যক্তি সকল উপস্থিত থাকে।