ঢকুৱাখনাত শিক্ষা বিভাগৰ এক অবিবেচকী নীতিৰ বিৰুদ্ধে এইবাৰ ৰাজহুৱা প্ৰতিবাদ 

ঢকুৱাখনা শিক্ষা খণ্ডৰ অধীনৰ বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতকলৈ নিৰ্লজ হেতালি খেলা শিক্ষা বিভাগৰ এক দায়িত্বহীন পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অঞ্চলৰ অভিভাৱক আৰু ৰাইজ।

#ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়খনক অন্য এখন বিদ্যালয়ৰ লগত একত্ৰিতকৰণ কৰাক লৈ ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। 

#উল্লেখ্য যে বৃহত্তৰ উজনি জামুগুৰি আৰু হালধিগৰা গাঁৱৰ অভিভাৱক সকলে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষাৰ্থী ৰে ভৰি বিদ্যালয়খন শিক্ষাৰ্থী নথকা এখন এম,ই,স্কুলত সংলগ্ন কৰাৰ বিৰোধীতা কৰে।

#ঢকুৱাখনাৰ শিক্ষা বিভাগে অবিবেচকী নীতি আৰু বিদ্যালয় সংলগ্নকৰণ নীতি জলাঞ্জলি দি দুয়োখন গাঁৱৰ মাজত অৱস্থিত একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠানখন প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰৈৰ মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্ন কৰিছে। 

#প্ৰাক প্ৰাথমিক শ্ৰেণী বাদ দি প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰী থকা এই ২০০৪ চনতে প্ৰতিষ্ঠা হোৱা বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়খনক পৰ্যাপ্ত আন্তঃগাঁঠনি উপলব্ধ হোৱা সত্বেও ন্যূনতম আন্তঃগাঁথনি আৰু কেইজনমান শিক্ষাৰ্থী থকা মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্ন কৰা শিক্ষা বিভাগৰ টোঘলকী নিৰ্দেশ মানি নোলোৱাৰ ঐক্যবদ্ধ সকীয়নী দি ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।

#বিদ্যালয় প্ৰাংগণত অভিভাৱক ,মাতৃ গোট ,বিদ্যালয় পৰিচালনা সমিতি উপস্থিত হৈ বিভিন্ন শ্ল'গানৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি নেখেলিব, বাহিৰ চৰণচুক প্ৰাথমিক বিদ্যালয়ক পূৰ্বৰ স্থানতে থাকিবলৈ দিয়ক, মিচিং কনেং মধ্য ইংৰাজী বিদ্যালয়ত সংলগ্নকৰণ কৰা নিৰ্দেশ বাতিল কৰক, শিক্ষা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব দিয়ক আদি শ্লোগান দি বিদ্যালয় প্ৰাংগণ উত্তাল কৰি তোলে।