জয়মালাতে শেষ নহয় কাহিনী! জয়মালাৰ তামিলনাডু অধ্যায়ে উদঙাছে অসমত দীৰ্ঘদিনে চলি অহা হাতী চিণ্ডিকেটৰ স্পষ্ট ছবিখন। এতিয়াও সক্ৰিয় অসমত বহিঃৰাজ্যলৈ অবৈধভাৱে হাতী চালান দিয়া এটা কুখ্যাত চক্ৰ। জয়মালাৰ ঘটনাই পোহৰলৈ আনিছে বহু চাঞ্চল্যকৰ তথ্য। একাংশই বহিঃৰাজ্যত অসমৰ হাতীৰ দমদাম কৰি চলাই আহিছে চিণ্ডিকেট। অসমৰ একোটাকৈ গাতী বহিৰাজ্যত বিক্ৰী হয় ২০-২৫ লাখ টকাত। জয়মালাৰ কাহিনীৰ তদন্ত যেন এতিয়া কেচু খান্দোতে ওলাইছে সাপ। কিন্তু এই ঘটনাই বলাব পাৰিবনে বৰ্তমানৰ চৰকাৰখনক। যিসময়ত চৰকাৰৰৰ বাধাকো নেওচি বছৰ বছৰ ধৰি অবৈধভাৱে হাতী সৰবৰাহ কৰি আহিছে। এনে সময়তে এই অবৈধ ব্যৱসায়ক যেন ৰঙা দলিচা পাৰিবলৈ ওলাইছে খোদ চৰকাৰখনে।
সমগ্ৰ ঘটনা আৰু চৰকাৰৰ ভূমিকাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট পৰিৱেশকৰ্মী তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে ।