চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত থুকুবিলত আজি শুক্ৰবাৰে আবেলি প্ৰায়  তিনিবজাত আই আৰ ডি এফ পুঁজিৰ ২৫ লাখ টকাৰে নিৰ্মান হ'ব লগীয়া থুকু বিল আদৰ্শ অঙ্গনৱাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।এই আধাৰ শিলা অনুষ্ঠানত সোণাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওঁগ, ৱাৰ্ড আয়ুক্ত গিৰীন গগৈ ,বলীন কলিতা , ভাস্কৰ বৰুৱা,প্ৰাক্তন শিক্ষা বিষয়া সত্যজিত কৌৰ, চুপাৰ ভাইজাৰ শশী ডেকা,জাগৃতি বৰুৱা, অঙ্গনৱাদী কৰ্মী সহায়িকাৰ।লগতে বহু সংখ্যক দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।