সোমবাৰে পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ লাগি মৃত্যুবৰণ কৰিছিল ২৮ বছৰীয়া ৰিমা কৰ্মকাৰ আৰু ৬ বছৰীয়া পুত্ৰ ৰিয়াঞ্জ কৰ্মকাৰ । বিদ্যুৎ বিভাগৰ গাফিলতিৰ অভিযোগ উত্থাপিত হৈছিল আৰু ক্ষতিপূৰণৰ দাবী জনাইছিল । 

ইয়াৰ পিছতে আজি APDCL কৰ্তৃপক্ষৰ ফালৰ পৰা মাতৃ আৰু পুত্ৰৰ ক্ষতিপূৰণ হিচাপে ৪ লাখ, ৪ লাখ টকাকৈ মুঠ ৮ লাখ টকা প্ৰদান কৰে ।

ৰাজহ চক্ৰ বিষয়া, APDCL Chief Executive Officer উদ্বিপ দেউৰী, AGM Moran Division ৰাজিৱ দত্তকে ধৰি কেইবাগৰাকী বিষয়-ববীয়াৰ উপস্থিতিত পৰিয়ালটোক চেক প্ৰদান কৰা হয় ।

. -