ৰাজ‍্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা দৃশ‍্য‌ই চকু কপালত তুলিছে মৰাণ বাসীক। ৰাজ‍্য চৰকাৰে চম্ভালিব পৰা নাই স্বাস্থ্য বিভাগটোক। মৰাণ ৰাজ‍্যিক চিকিৎসালয়ৰ এখন জাননীয়ে চকু কপালত তুলিছে মৰাণ বাসীক। চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰিব মৰাণ ৰাজ‍্যিক চিকিৎসালয়ৰ জৰুৰীকালীন সেৱা। মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা মৰাণ অঞ্চলৰ একমাত্ৰ চিকিৎসালয় মৰাণ ৰাজ‍্যিক চিকিৎসালয়ত নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক। ফলত অভাৱনীয় ভাৱে চিকিৎসকৰ নাটনি হোৱাত জৰুৰীকালীন সেৱা সমূহ চলাই নিয়াত অসুবিধাৰ সৃষ্টি হৈছে মৰাণ ৰাজ‍্যিক চিকিৎহালয়ত। কিন্তু চিকিৎসক নিযুক্তি দিয়াৰ পৰিৱৰ্তে চিকিৎসকৰ অভাৱত বন্ধ কৰিদিয়াৰ জাননী প্ৰেৰণ কৰাৰ ঘটনাই এতিয়া চিন্তিত কৰি তোলিচে মৰাণ বাসীক। এতিয়া এনেদৰেই লাহে লাহে বিলুপ্তিৰ দিশলৈ গতি কৰিব নেকি মৰাণ ৰাজ‍্যিক চিকিৎসালয়। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে মৰাণ বাসী।