ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন ৰ প্ৰস্তুতি আৰম্ভ কৰি ১১জনীয়া উদযাপন সমিতি গঠন কৰে।

      ৰহা,চাপৰমুখ ত ২০ৰ পৰা ২২ দুৰ্গোৎসব উদযাপন সমিতিৰ দ্বাৰা দুৰ্গোৎসব উদযাপন ৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে এইবাৰ ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব উদযাপন সমিতিয়ে গৌৰৱপূৰ্ন ২৫ বৰ্ষ ভৰি দিয়াত সমিতিয়ে ৰূপালী জয়ন্তী উৎসৱ উল্লহ মালহেৰে পালন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে আজি সন্ধ্যা ৫বজাত ৰহা মজলীয়া বিদ্যালয় ত সমিতিৰ সভাপতি ভুপেন দাসৰ সভাপতিত্বত,কাৰ্য্যকৰি সভাপতি চন্দন জ্যোতি ভূঞা ৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা সভাত ৰূপালী জয়ন্তী উৎসৱ উদযাপন ৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা, সপ্তমী, অষ্টমীত আমন্ত্ৰিত নাম পাৰ্টিৰ দ্বাৰা নাম কীৰ্ত্তন আৰু নবমী দশমীত আমন্ত্ৰিত কন্ঠশিল্পী ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা আৰু ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে স্মৃতি গ্ৰন্থ প্ৰকাশিত কৰাৰ সিদ্ধান্ত লোবাৰ লগতে সৰ্ব সন্মতিত ভুপেন দাসক সভাপতি,চন্দন জ্যোতি ভূঞা, লক্ষী প্ৰসাদ বৰা আৰু উৎপল হাজৰিকাক কাৰ্য্যকৰী সভাপতি,মৃদুল হাজৰিকাক সম্পাদক হিচাপে লৈ ১১জনিয়া ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতি গঠন কৰাৰ লগতে এই সমিতিয়ে আগন্তুক দিনত অন্য উপ সমিতি গঠন কৰাৰ প্ৰস্তাৱ লৈ আৰু ৰূপালী জয়ন্তী ৰ বাবে ১৩লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰে।

আজি অনুষ্ঠিত সভাত প্ৰাক্তন বেংক বিষয়া ডমৰুধৰ শৰ্মা,প্ৰাক্তন আছু নেতা বিৰিঞ্চি ভূঞা, উন্নতি সভাৰ প্ৰতিনিধি মহেন্দ্ৰ কলিতা সহ বিভিন্ন দল সংগঠন,অনুষ্ঠান, প্ৰতিষ্ঠান ৰ প্ৰতিনিধি, ৰহা পুৰনাচাৰিআলী দুৰ্গোৎসব উদযাপন সমিতিৰ সদস্য সহ গনমান্য ব্যক্তি সকল উপস্থিত থাকি নিজৰ নিজৰ মতামত ব্যক্ত কৰে।