বৰ্ষ ১৯৯৪চনৰ ১জানুবাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ আঁহতগুৰি শাখা সমিতিৰ উদ্যোগত আজি সাপ্তাহিক শ্ৰেণীত অনুষ্ঠিত হোবা সম্বৰ্ধনা অনুষ্ঠানত এমবিবিএচ আৰু এমএ ড্ৰীগ্ৰী লাভ কৰি গৌৰৱ কঢিয়াই অনা দুগৰাকী মেধাবী ছাত্ৰী ক্ৰমে বৰ্ষা দাস আৰু জ্যোতিস্না দাস সহ সদ্য ঘোষিত হাইস্কুল চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু খ্যাতিৰে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা তিনি গৰাকী ছাত্ৰী ক্ৰমে অৰ্চনা দাস,লীনা দাস আৰু লস্মিতা দাসক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।
অনুষ্ঠানত অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয়,সাংবাদিক, কাৰ্টুনিষ্ট,চিত্ৰশিল্পী অবনী কুমাৰ শইকীয়া,আঁহতগুৰি শাখা সমিতিৰ প্ৰাক্তন সভানেত্ৰী চন্দনা দাস,দীপিকা দাস,প্ৰাক্তন সম্পাদিকা সুমিত্ৰা দাস,বৰ্তমানৰ সম্পাদিকা মনিমালা দাস সহ কন কন শিশু উপস্থিত থাকে।