লাভ জেহাদক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈয়ে ।

ভগৱানৰ সৈতে লাভ জেহাদক তুলনা কৰাটো দুৰ্ভাগ্যজনক আখ্যা যাদৱ গগৈৰ ।

মহাভাৰত- ৰামায়নক প্ৰসংগ অনাতকৈ ৰাজনৈতিক ভাৱেহে সমালোচনা কৰক । ভূপেন বৰাৰ শিকিবলৈ বাকি আছে । 

ভূল কৰাৰ পিছত ক্ষমা খোজাটো ডাঙৰ নহয় বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে এনে ভূল কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে যাদৱ গগৈয়ে