আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ পৰা অপসাৰণ । ৭২ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শাব নোৱাৰিলে মিলন বুঢ়াগোহাঁইক আটাছু প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হ'ব । নতুনকৈ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বসন্ত  গগৈক দায়িত্ব দিয়া হয় । মৰাণৰ পৰিদৰ্শন ভৱনত আজি আবেলিৰ পৰা প্ৰায় ৫ ঘণ্টা ধৰি চলা কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে । সংবাদমেলত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি ব্যক্তিগত কথা অডিঅ' ৰেকৰ্ডিং ভাইৰেল কৰাৰ বাবে লাচিত গগৈক আটাছু কোনো সভাতে নিমন্ত্ৰণ নকৰা, জনজাতিকৰণৰ বাবে গুৱাহাটীত আটাছুৱে এলানি কাৰ্যসূচী গ্ৰহণ কৰা আদি । সংবাদমেলত আটাছু কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, মুখ্য উপদেষ্টা দুলাল বৰুৱাকে ধৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ নেতা উপস্থিত থাকে ।