নুমলীগড় শোধনাগাৰৰ সহযোগত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ 'কুঁহি' উপ-সমিতিৰ আন্তৰিক পদক্ষেপঃবিপুল সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে আয়োজিত বৰ্ণাশুদ্ধি আৰু অসমীয়া আখৰ-জোঁটনি কৰ্মশালাৰ আজি সফল সামৰণি ।

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ 'কুঁহি' উপ-সমিতিৰ উদ্যোগত নুমলীগড় শোধনাগাৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত বৰ্ণাশুদ্ধি আৰু আখৰ-জোঁটনি কৰ্মশালাৰ আজি সফল সামৰণি পৰে । আজি কৰ্মশালাৰ দ্বিতীয় দিনা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক,শিক্ষাবিদ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক,বৰ্তমান সাহিত্য সভাৰ মক্ত শিক্ষা সংসদৰ সমন্বয়ক ৰমানন্দন বৰা,বিশিষ্ট লেখক,শিক্ষাবিদ, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা আৰু বিশিষ্ট লেখক,শিক্ষাবিদ, সাহিত্য সমালোচক শোণিত হাজৰিকাই । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দ্বীপেন দত্তৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰজ্ঞন সণোৱাল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছমূলক বক্তব্য আগবঢ়ায় । সভাত বিশিষ্ট শিক্ষাবিদ ড° তৰালী গগৈ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা,মুকুল হাজৰিকা, গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপক গগৈ,বিশিষ্ট লেখক,কবি হেমা চৌধুৰী গগৈ,সমাজকৰ্মী তনুজ কুমাৰ মহন্ত,কুমকুম চাংমাই,মঞ্জুমণি শইকীয়া,শিক্ষাবিদ ভাস্কৰ বৰা,প্ৰাক্তন পৌৰপতি জুৰি দাস ৰাজখোৱা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয় । অনুষ্ঠান পৰিচালনা কৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ 'কুঁহি' উপ-সমিতিৰ আহ্বায়ক পল্লৱীকা বৰুৱা,কাৰ্যকৰী সভাপতি কুকি বৰা আৰু শাখাৰ সম্পাদক স্বাগতা বৰাই । প্ৰথম দিনাৰ কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ ভাষাতত্ববিদ ড°বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লেখক,শিক্ষাবিদ গুণেন্দ্ৰ নাথ বৰাই । নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈৰ হৈ কৰ্মশালা শুভ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ প্ৰৱন্ধক তীৰ্থনাথ হাজৰিকাই ।