আজি গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰৰ ১নং আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ভাৰতীয় নিৰ্ৱাচনী আয়োগৰ উপস্থিতিত স্মাৰকপত্ৰ প্ৰদান কৰা গোটেই কেইটা সংগঠনৰ হৈ বালিপৰাৰ পৰা ৰাজনীশ শইকীয়া অাৰু জ্যোতিস্মান চক্ৰবৰ্তীয়ে সমষ্টি পুন:নিৰ্ধাৰণৰ শুনানিত অংশগ্ৰহন কৰে। অঞ্চলটোৰ ৭টাকৈ সংগঠনে দিয়া স্মাৰকপত্ৰৰ ভিত্তিত আজি শুনানি অংশগ্ৰহন কৰাৰ সুবিধা দিয়ে আৰু বালিপৰা আঞ্চলিকৰ অন্তৰ্গত গোটেইকেইটা সংগঠনৰ মুখ্য দাৱী আছিল যে ১৯৫৭/১৯৬২/১৯৭২/১৯৭৭লৈকে থকা বালিপৰা সমষ্টি পুনৰ বাহাল ৰখাৰ লগতে আৰু বৰ্তমান প্ৰকাশ পোৱা খচৰাখনৰ আগতে প্ৰথমখন খচৰাত লিপিবদ্ধ থকা বালিপৰা সমষ্টিৰ নামটো পুণৰ বাহাল ৰখাৰ দাৱী জনোৱা হয়।
অতীতৰ বালিপৰা সমষ্টি বাহাল ৰখাৰ দাৱীত আছু অসম সেনাৰ লগতে বহুকেইটা সংগঠনৰ সমষ্টি পুন: নিৰ্ধাৰণৰ শুনানিত অংশগ্ৰহণ।

