মৰাণৰ গোলচন মাৰ্কেটৰ ময়ুৰি জুৱেলাৰ্ৰচৰ গৰাকী জয়চন্দ বাৰ্মাই দোকান বন্ধ কৰি পিয়লি নগৰৰ গৃহ অভিমুখে গৈ থকা অৱস্থাত দৰৱ কিনিবলৈ হেল্থ কেয়াৰ মেডিকেল নামৰ ফাৰ্মাচীখনলৈ গৈছিল । নিজৰ স্কুটিখনতে ৰাখি গৈছিল ধন-সোনসহ বেগটো । ফাৰ্মাচীখনৰ পৰা লগে লগে ঘূৰি আহি বেগটো নোপোৱাৰ পিছতে হুৱা-দুৱা লাগে ব্যৱসায়ীজনৰ । আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চলাইছে তদন্ত ।