প্ৰবাদ প্ৰতিম ক্ৰীড়াবিদ মেজৰ ধ্যান চান্দৰ ১১৭ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই আজি ইনডৰ ষ্টেডিয়ামত এক খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে । সদ্যসমাপ্ত অসম যুৱ অলিম্পিকত ডিব্ৰুগড় জিলাৰ পদকপ্ৰাপ্ত খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য, অসম যুৱ অলিম্পিকত ডিব্ৰুগড় জিলাই পদক প্ৰাপ্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল।ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিত দত্তৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক  লক্ষ্য কোঁৱৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকি পদক প্ৰাপ্ত খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ ওপৰিও ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাক অভিনন্দন জনায়।

অসম অলিম্পিক সন্থাই পোন প্ৰথমবাৰৰ বাবে যুৱ অলিম্পিক আয়োজন কৰি ৰাজ্য ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভা সন্ধানৰ এক মঞ্চ গঢ়ি তুলিলে বুলি কয়। ইয়াৰ সুফল অহা ৩/৪ বছৰত লাভ কৰিব বুলি কয়। আমাৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ বাবে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি সপোন দেখিছে সেইয়া বাস্তবায়িত হোৱাৰ পথত বুলি লক্ষ্য কোঁৱৰে ভাষণত উল্লেখ কৰে। সম্বৰ্ধনা সভাত ভাষণ প্ৰদান কৰি ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত আৰু অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱাৰীয়ে ভাষণ প্ৰসংগত অসমৰ ক্ৰীড়া জগতখনৰ সম্ভাৱনা অতি উজ্জ্বল বুলি উল্লেখ কৰে । লগতে অসমৰ ক্ৰীড়া জগতৰ সোণোৱালী ইতিহাসত ডিব্ৰুগড় জিলাৰ অৱদান অতুলনীয় বুলি কয়। এই সম্বৰ্ধনা অনুষ্ঠানতে বিশিষ্ট আৰু সন্মানীয় অতিথি হিচাপে উপস্হিত থাকি লক্ষ্য কোৱঁৰ,সঞ্জয় দও,অমল নাৰায়ণ পাটোৱাৰীৰ উপৰিও অসম অলিম্পিক সন্থাৰ ‌ক্ৰমে সহকাৰী সম্পাদক ধ্ৰুবজ্যোতি কলিতা, কাৰ্যকৰী সদস্য জেহিৰুল হক, উপ সভাপতি ৰাজ কাকতি, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত , সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া, বি চি পি এলৰ চীফ অপাৰেটিং অফিচাৰ বিজয় পাল, বি চি পি এলৰ মহা প্ৰবন্ধক অনয় বুৰ্ডে, ডিব্ৰুগড় জিলাৰ ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় , তিনিচুকীয়া জিলাৰ ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙ্গীয়াই পদক প্ৰাপ্ত খেলুৱৈ সকলক সম্বৰ্দ্ধনা জনায়। এই অনুস্ঠানতে ডিব্ৰুগড় জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি বিশেষ সাফল্য লাভ কৰা উশ্বু দলক প্ৰথম, ভাৰউওোলন দলৰ দ্বিতীয় আৰু টাংশ্বড দলক তৃতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত কৰি নগদ ধনৰে পুৰস্কৃত কৰা হয়। অনুস্ঠানৰ আৰম্ভণিতে জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক নিৰঞ্জন শইকীয়াই আদৰণি ভাষন আগবঢ়ায়। অনুস্ঠানতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থালৈ ৪ খন টেবুল টেনিচ ৰ্বড দান কৰা সৰবৰাহী মহিলা নিকুঞ্জ দত্ত তথা পৰিয়াল ৰ্বগক সম্বৰ্দ্ধনা জনোৱা হয়। সুমন দত্তই আত ধৰা অনুষ্ঠানৰ শেষত জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি মানস জ্যোতি দত্তই শলাগৰ শৰাই আগবঢ়ায়।