মৰাণৰ গোলচন মাৰ্কেটৰ ময়ুৰি জুৱেলাৰ্ৰচৰ গৰাকী জয়চন্দ বাৰ্মাই দোকান বন্ধ কৰি পিয়লি নগৰৰ গৃহ অভিমুখে গৈ থকা অৱস্থাত দৰৱ কিনিবলৈ হেল্থ কেয়াৰ মেডিকেল নামৰ ফাৰ্মাচীখনলৈ গৈছিল । নিজৰ স্কুটিখনতে ৰাখি গৈছিল ধন-সোনসহ বেগটো । ফাৰ্মাচীখনৰ পৰা লগে লগে ঘূৰি আহি বেগটো নোপোৱাৰ পিছতে হুৱা-দুৱা লাগে ব্যৱসায়ীজনৰ । আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চলাইছে তদন্ত ।
মৰাণত জুৱেলাৰ্ৰচৰ ব্যৱসায়ী জয়চন্দ বাৰ্মাৰ ৰখাই থোৱা স্কুটিৰ পৰা ১১০ গ্ৰাম সোন আৰু নগদ ৪৩,৫০০ টকা লুটি নিয়ে চোৰে ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/07/nerity_de4dfdc27b0b6d216b27056469781ba6.jpg)