মৰাণ সমষ্টিৰ অন্তৰ্গত অভয়পুৰ বঙালী গাওঁ আৰু ফটিকাছোৱা নেপালী গাঁও উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক সকল একত্ৰিত হৈ এখন উন্নয়ন আৰু সুৰক্ষা সমিতি গঠন কৰাৰ পিছত আজি মহিলা সকল একত্ৰিতহৈ মহিলা উন্নয়ন আৰু সুৰক্ষা সমিতি গঠন কৰে । যুৱক সকলৰ দ্বাৰা গঠিত উন্নয়ন আৰু সুৰক্ষা সমিতি আৰু মহিলা সকলৰ দ্বাৰ গঠিত মহিলা উন্নয়ন আৰু সুৰক্ষা সমিতি দুয়োটা এক লগ হৈ ফটিকাছোৱা নেপালী গাঁৱত হ'বলগীয়া তৈল খনন কাৰ্যত স্হানীয় নিবনুৱা যুৱক সকলক এশ শতাংশ নিয়োগ আৰু কৰ্ম সংস্থাপনৰ দাবী জনায় লগতে অভয়পুৰ বঙালী গাওঁত নিৰ্মীয়মান অভয়পুৰ গ্ৰাম্য খেলপথাৰ খনত স্হানীয় লোকসকলক অগ্ৰাধিকাৰ দিবৰ বাবে দাবী জনাই। লগতে গ্ৰাম্য খেলপথাৰখন স্থানীয় লোকক পৰ্য্যবেক্ষনৰ দ্বায়িত্ব দিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনায়।