নতুন দিল্লী, ৮ আগষ্ট। ৰাজ্যসভাত সোমবাৰে বিদায়ী অধ্যক্ষ এম ভেংকায়া নাইডুক আৱেগিকভাৱে বিদায় জনোৱা হয় আৰু সদনৰ কামকাজ সুচাৰুৰূপে সঞ্চালনা কৰাৰ বাবে তেওঁৰ নেতৃত্বক প্ৰশংসা কৰে। সংসদৰ উচ্চ সদনত তেওঁৰ বিদায় ভাষণত নাইডুৱে কয় যে শাসকীয় দল আৰু বিৰোধী দল ইজনে সিজনৰ প্ৰতিদ্বন্দীহে, শত্ৰু নহয়। সদস্যসকলে এই মনোভাৱৰে সদনত আচৰণ কৰা উচিত।
ইয়াৰ লগতে তেওঁ কৈছিল যে দেশত এক ভাল উদাহৰণ স্থাপন কৰাৰ বাবে উচ্চ সদনৰ এক বিশেষ দায়িত্ব আছে। সমগ্ৰ বিশ্বই আজি ভাৰত আৰু ইয়াৰ গণতন্ত্ৰৰ ফালে লক্ষ্য কৰি আছে। তেওঁ সদস্যসকলক সদনৰ মৰ্যাদা আৰু শালীনতা বজাই ৰাখিবলৈ আৰু ৰাজ্যসভাৰ ভাবমূৰ্তি আৰু সন্মান সংৰক্ষণত ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেওঁ সদস্যসকলক ইজনে সিজনক অৱমাননা কৰিবলৈ চেষ্টা কৰাৰ সলনি প্ৰতিযোগিতাৰ মনোভাৱ অনুসৰি ইজনে সিজনতকৈ অধিক ভূমিকা পালন কৰিবলৈ কৈছিল।
নাইডুৱে কয় যে তেওঁৰ কাৰ্যকালত তেওঁ দেশৰ সকলো দক্ষিণ, উত্তৰ, পূব আৰু পশ্চিম অঞ্চলৰ সদস্যসকলক তেওঁলোকৰ মতামত ৰখাৰ সম্পূৰ্ণ সুযোগ দিছিল। তেওঁ আশা ব্যক্ত কৰিছিল যে সংসদৰ কাম ভালদৰে অব্যাহত থাকিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তৃণমূল কংগ্ৰেছৰ ডেৰী অ'ব্ৰায়েনে নাইডুৰ অধ্যক্ষ হিচাপে ভূমিকাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুক প্ৰশংসা কৰি কয় যে ভেংকায়াজীৰ কাৰ্যকালত ৰাজ্যসভাৰ প্ৰদৰ্শন ৭০ শতাংশ বৃদ্ধি পাইছে আৰু সাংসদসকলৰ উপস্থিতিও বৃদ্ধি পাইছে। এই সময়ছোৱাত, সদনত প্ৰায় ১৭৭ খন বিধেয়ক গৃহীত বা আলোচনা কৰা হৈছিল। কবলৈ গলে তেওঁৰ কাৰ্যকালত এয়া এক অভিলেখ।
প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুক প্ৰশংসা কৰি কয় যে তেওঁৰ উপস্থিতিত সদনৰ কাৰ্যক্ৰমৰ সময়ত প্ৰতিটো ভাৰতীয় ভাষাক বিশেষ গুৰুত্ব দিয়া হৈছে। সদনে সকলো ভাৰতীয় ভাষাক আগুৱাই নিয়াৰ বাবে কাম কৰিছিল। সদনত সকলো ২২ টা অনুসূচীত ভাষাত যিকোনো সদস্যই মতামত ৰখাৰ ব্যৱস্থা কৰিছে।
খাৰ্গে কৈছিল যে নাইডুৰ ৰাজনীতি আৰু সংসদীয় জীৱনত যথেষ্ট অভিজ্ঞতা আছে। তেওঁ সংসদৰ কাম-কাজ উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। খাৰ্গে কৈছিল যে নাইডুৱে বিভিন্ন অসুবিধা আৰু চাপৰ মাজত তেওঁৰ ভূমিকা পালন কৰিছিল। তেওঁ সংসদত মহিলাসকলৰ বাবে সংৰক্ষণৰ বাবে সহমতৰ বাবে জোৰদাৰ ভাৱে ওকালতি কৰিছিল।
উপ-সভাপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে ভেংকয়া নাইডুৰ কাৰ্যকাল বুধবাৰে সমাপ্ত হ'ব। ১১ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে। তেওঁৰ স্থান ল'ব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে।