ঐতিহ্যমণ্ডিত পঞ্চাশ বছৰীয়া পৰিক্ৰমাৰে সমুজ্বল শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সমাগত ডিচেম্বৰ মাহত অনুষ্ঠিতব্য গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উদযাপনক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি চলিছে। এই উপলক্ষে সভাই নিয়মীয়া কাৰ্যসূচী সমূহৰ উপৰিও আন্তঃগাঁথনি উন্নয়ন,কে'বাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ,আলোচনা সত্ৰ-কৰ্মশালা-বুৰঞ্জী সম্মিলনৰ আয়োজন,শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰৰ দ্বাৰা ষোড়শ শতিকাতে প্ৰতিষ্ঠিত ডলা সত্ৰৰ পুনৰুজ্বীৱন প্ৰভৃতি ভালেমান গুৰুত্বপূৰ্ণ কৰ্মসূচী গ্ৰহণ কৰিছে। সোণালী জয়ন্তী বৰ্ষসূচীৰ অংশৰূপে অহা ৯ জুলাইত কলাইগাঁও প্ৰগতিশীল জনমঞ্চ মুকলি সভাগৃহত সভাৰ প্ৰাক্তন সভাপতি-সম্পাদক আৰু আজীৱন সভ্য সন্মিলনখন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হব। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ সাহিত্য সভাৰ উপ সভাপতি কদম চন্দ্ৰ নাথে অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু ৯-৩০ বজাত সম্মিলন আদৰণী সমিতিৰ সভাপতি ধৰ্মেশ্বৰ কলিতাই স্মৃতি বেদী উম্মোচন কৰিবলগীয়া স্মৃতি তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰুদ্ৰকান্ত হাজৰিকাই। ১০ বজাত শ্ৰীশ্ৰীগোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি তৰুণ আজাদ ডেকাৰ সভাপতিত্বত অনুষ্ঠিতব্য প্ৰাক্তন সভাপতি-সম্পাদক আৰু আজীৱন সভ্য সন্মিলন উদ্বোধন কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি ভদ্ৰকান্ত শৰ্মাই।অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিবলগীয়া সম্মিলনখনিত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি দিগন্ত বৰুৱাই সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সন্মিলন খনিত মাধৱ চৌধুৰী মহাবিদ্যালয়,বৰপেটাৰ অধ্যক্ষ ড° প্ৰকাশ শৰ্মা,মৰিগাঁওৰ চৰাইবাহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চক্ৰধৰ ডেকা,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যদ্বয় ড° পৱিত্ৰ শৰ্মা আৰু মুকুট চন্দ্ৰ হাজৰিকা,অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী,ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক নিৰ্মল নাথ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া,টংলা সাহিত্য সভাৰ সভাপতি চন্দ্ৰপ্ৰভা দত্ত,কেন্দুকলাই সাহিত্য সমাজৰ সভাপতি প্ৰতাপ চন্দ্ৰ ভট্ৰাচাৰ্য, কলাইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি টংকেশ্বৰ বৰুৱা আৰু লোকশিল্পী,সাংবাদিক বাপন শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पूर्व मंत्री रामवीर उपाध्याय की अंतिम यात्रा रवाना... | Ramveer Upadhyay Death | Hathras News
पूर्व मंत्री रामवीर उपाध्याय की अंतिम यात्रा रवाना... | Ramveer Upadhyay Death | Hathras News
গোৰেশ্বৰ বৰফুকনখাতত ব'হাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি
গোৰেশ্বৰ বৰফুকনখাতত ব'হাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি
সৰু বিহুৱতি আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ...
જેતપુર પાસે આવેલ સુરવો ડેમની નજીક આવેલ વાડી પાસે બન્નેનાં મૃતદેહ મળ્યા
જેતપુર પાસે આવેલ સુરવો ડેમની નજીક આવેલ વાડી પાસે બન્નેનાં મૃતદેહ મળ્યા
Redmi x Harry Potter: हैरी पॉटर थीम के साथ लॉन्च होंगे Redmi Turbo 3 और Redmi Pad 3, डिजाइन है देखने लायक
चाइनीज टेक कंपनी ने कहा कि Redmi पैड प्रो का लिमिटेड एडिशन मॉडल दुनिया का पहला हैरी पॉटर-थीम वाला...
Amit Shah: 'दो कदम तुम चलो, दो कदम हम चलेंगे'; अमित शाह ने संसद में गतिरोध दूर करने का बताया फॉर्मूला
नई दिल्ली, केंद्रीय गृह मंत्री अमित शाह ने संसद की कार्यवाही को सुचारू रूप से चलाने के...