গোৰেশ্বৰ বৰফুকনখাতত ব'হাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি

সৰু বিহুৱতি আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজনঃ

বাক্সা জিলা গোৰেশ্বৰৰ বৰফুকনখাতত দূদিনিয়া বৰ্ণাঢ্য কাৰ্যসূছীৰে " ২০ সংখ্যক বৰফুকনখাত ব'হাগী উৎসৱ উদযাপন " ৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অহা ১৩ আৰু ১৪ মেত অনুষ্ঠিত হবলগীয়া ব'হাগী উৎসৱৰ বাবে দীপেন দাসক সভাপতি বিজয় ৰাজবংশীক সম্পাদক হিচাবে লৈ কেবাটাও উপ সমিতিৰে এখন উদযাপন সমিতি গঠন কৰা হৈছে। বৰফুকনখাত নামঘৰ প্ৰাঙ্গনৰ খেল পথাৰত অনুষ্ঠিত হব লগীয়া ব'হাগী উৎসৱৰ কাৰ্যসুচী অনুসৰি ১৩ মেত পূৱা ৯ বজাত বিহুৰ পতাকা উত্তোলনেৰে সমূহ কাৰ্যসূছীৰ শুভাৰম্ভনি কৰিব উদযাপন সমিতিৰ সভাপতি দীপেন দাসে। সভাপতিয়ে পতাকা উত্তোলন কৰাৰ লগে লগে গোৰেশ্বৰৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত ১৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে ১৯ খন পতাকা উত্তোলন কৰিব। ইয়াৰ পিচতে ৯.৩০ বজাত স্মৃতি তৰ্পনত মাল্য অৰ্পন কৰিব গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ প্ৰতিভা পাটোৱাৰীয়ে। ইয়াৰ পিচতে আৰম্ভ হব বিভিন্ন খেল ধেমালী প্ৰতিযোগিতা । সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলনৰ পিচতে সৰু বিহুৱতী আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰিব গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰাই।আনহাতে ১৪ মেৰ দিনা ৰাতিপূৱা ১০ বজাৰ পৰা পুনৰ আৰম্ভ হব খেল ধেমালি প্ৰতিযোগিতা। দিনৰ ১২ বজাৰ পৰা আৰম্ভ হব লগীয়া সাহিত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰিব উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভৰঞ্জন দাসে। সঞ্চালনা কৰিব ১ নং বৰডাঙ্গেৰিকূচীৰ প্ৰধান শিক্ষয়িত্ৰী জুলিমা ডেকাই। সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলনৰ পিচত বাৰে ৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ পবিত্ৰ কুমাৰ বড়োৱে। সাংস্কৃতিক মঞ্চ উদ্ধোধনৰ পিচতে উদযাপন সমিতিৰ দ্বাৰা প্ৰকাশ পাব লগীয়া স্মৰণিকা " গামোচা " নৱম সংখ্যা উন্মোচন কৰিব ভাৰতীয় খাদ্য নিগম ভাৰত চৰকাৰৰ সদস্য ড০ বাবু বড়োৱে। সাস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব স্থানিয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব বি টি চিৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰী আদি কৰি আন কেবাজনো বিশিষ্ট ব্যক্তি। সাস্কৃতিক সন্ধিয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰন কৰি অনা বিহু দলৰ বিহু ন়ৃত্য প্ৰদৰ্শন, বিভিন্ন কৃষ্টি দল লগতে জনপ্ৰিয় কণ্ঠ শিল্পি ভূমি কৌশিক, ধাত্ৰী দাস আৰু নিউজ লাইভৰ প্ৰতিভা সন্ধানৰ বিজেতা ভায়োলিনা ডেকাৰ সংগীতাঅনুষ্ঠানেৰে সমূহ কাৰ্যসূছীৰ যৱনিকা পৰিব। উল্লেখ্য যে সৰু বিহুৱতী , আধুনিক নৃত্য, আৰু সাহিত্য প্ৰতিযোগিতাত যি সকল প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰিব বিচাৰে সেই সকলক ৯৭০৭৪৮০৭১৯/ ৭০০২২৯৭৫৬৮/৮৬৩৮৯৭৮০৫৪ নম্বৰত যোগা-যোগ কৰিবলৈ উদ্যোগক্ত সকলে আহ্বান জনাইছে।