গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো অব্যাহত আছে গৰুৰ চোৰাং বেহা । নিশা মৰাণ আৰক্ষীৰ তহলদাৰি দলে চোৰাংকৈ সৰবৰাহ কৰা ২৩ টাকৈ পশুধন সহ AS02DC 0306 নম্বৰৰ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । শিৱসাগৰৰ দিশেৰে গোধন সমূহ নি থকা অৱস্থাত ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন জব্দ কৰে যদিও চালক আৰু হেন্দিমেন পলাই যাবলৈ সক্ষম হয় । সম্প্ৰতি মৰাণ আৰক্ষীৰ জিন্মাত গোধন সমূহ । ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । গোধনসমূহক চিকিৎসা ব্যৱস্থা কৰিছে মৰাণ আৰক্ষীয়ে ।

—------------------------