ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ত আজি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

    ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ ৰ সভাপতিত্বত তথা স্টাফ কাউন্সিল ৰ সম্পাদক চন্দন জ্যোতি ভূঞা ৰ সঞ্চালনত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভা ত বিদ্যালয় ৰ পৰা অৱসৰ গ্ৰহন কৰা প্ৰাক্তন অধ্যক্ষা বিজয়লক্ষ্মী শৰ্মা, শিক্ষয়ত্ৰী দিপালী ৰাজখোৱা, নিবেদিতা ভূঞা,ৰূপৰেখা তামূলী সহ বিদ্যালয় ৰ পৰা মিচুয়ল বদলিকৰনলৈ অন্য বিদ্যালয়লৈ যোবা তিনি জন শিক্ষক, শিক্ষয়ত্ৰী ক্ৰমে পবিত্ৰ বৰি,আশ্বিকুৰ ৰহমান, নিলাক্ষী সিং ক স্টাফ কাউন্সিল আৰু বিদ্যালয় ৰ ফালৰ পৰা এখন এখন ফুলাম গামোচা,অভিনন্দন পত্ৰ,শৰাই,অংগবস্ৰ,গ্ৰন্থ ৰে সম্বৰ্ধনা জনোৱা ৰ লগতে উপস্থিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ ভগৱান চন্দ্ৰ গোস্বামী, কমল চন্দ্ৰ শৰ্মা,জ্যেষ্ঠ শিক্ষক দিলীপ ৰাজখোৱা, মৃগাংক বৰাই সম্বোধন কৰি অৱসৰ প্ৰাপ্ত শিক্ষক, শিক্ষয়ত্ৰী ৰ লগত কটোৱা সময় খিনিক স্মৰণ কৰি অৱসৰী জীবন সুখময় আৰু সু স্বাস্থ্যৰ কামনা কৰাৰ লগতে অৱসৰ প্ৰাপ্ত শিক্ষক, শিক্ষয়ত্ৰী সকলেও সতীৰ্থ শিক্ষক, শিক্ষয়ত্ৰী,ছাত্ৰ, ছাত্ৰী সকলৰ লগত পাৰ কৰা মধুৰ সময় খিনি স্মৰন কৰে।বিদ্যালয়ৰ অধ্যক্ষ তথা বিদায় সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ নাথ ৰ সম্বোধনেৰে সমাপন হোবা সভাত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ, প্ৰাক্তন শিক্ষয়ত্ৰী তথা ৰহা পৌৰ সভাৰ উপ পৌৰপতি অনিমা দাস, প্ৰাক্তন শিক্ষক তনুৰাম নাথ,বিনোবা ৰাজবংশী, আলমাচ উদ্দীন আহমেদ হাজৰিকা,দেৱ জ্যোতি বৰুৱা, অজিত সিং ডেকা, সিংগেশ্বৰ বৰুৱা সহ বিদ্যালয় ৰ প্ৰাক্তন  অধ্যক্ষ, শিক্ষক, শিক্ষয়ত্ৰী, বৰ্তমানৰ শিক্ষক, শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী উপস্থিত আছিল।