ৰহাৰ সমীপবৰ্তী গোসাঁইবৰিত লহৰ চিত্ৰকলা সাংস্কৃতিক গোষ্ঠী ৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস ৰ লগত সংগতি ৰাখি বাৰ্ষিক পুৰস্কাৰ প্ৰদান সমাৰোহ অনুষ্ঠিত হৈ যায়।

       গোসাঁইবৰি শংকৰ মন্দিৰ নাট্যগৃহ ত অনুষ্ঠিত সমাৰোহ ত সমাজকৰ্মী তথা অৱসৰ প্ৰাপ্ত শিক্ষক বুধিন মহন্তই কলাগুৰুৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ পাছত চিত্ৰাংকন, কুইজ প্ৰতিযোগিতা আৰু ৰাভা সংগীত অনুষ্ঠান ৰ আয়োজন কৰা হয়।লগতে বিশিষ্ট ভাস্কৰ্য শিল্পী ভূধৰ মেধিয়ে প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে আৰু শিল্পী জনক সম্বৰ্ধনা জনাই সভাপতি হেমজিৎ মেধিয়ে।অনুষ্ঠানত গোষ্ঠী ৰ প্ৰশিক্ষক ক্ৰমে সমীৰ নাথ,জয়ন্ত হাজৰিকা, পল্লব ডেকা,হ্দয়ানন্দ দাস,ৰাজু দাস,গীতামনি দেবী,সমাজকৰ্মী বীৰেন মহন্ত,ডোগেশ্বৰ মেধি,সদানন্দ শৰ্মা,প্ৰশান্তলোচন ডেকা,তিলেশ্বৰ বৰদলৈ সহ অবিভাবক, অবিভাবিকা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।