তেজপুৰ ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া ৰঞ্জিত কটকীয়ে পত্নীৰ নামত (পলি ডেকা) সুলভ মূল্যৰ দোকান থকাৰ সপূৰ্ণ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই আহিছিল চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ৷ চৰকাৰী চাউল পুণৰ মিলিং কৰি তাক চালি-জাৰি নতুন কৰি পুণৰাই নতুন বেগত ভৰাই বজাৰত মুকলি কৰি দিছিল৷ অভিযোগ অনুসৰি, স্হানীয় একাংশ ব্যৱসায়ীক এই চাউল যোগান ধৰাৰ উপৰিও চুবুৰীয়া অৰুণাচললৈ প্ৰেৰণ কৰিছিল৷ দীৰ্ঘদিনে এনে কু-কৰ্ম চলাই অহাৰ অভিযোগ শেহতীয়াকৈ লাভ কৰে শোণিপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্বশৰ্মাই৷ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আজি মহাভৈৰৱ আৰক্ষীয়ে গ্ৰাহকৰ ভেষত আন লোকক নি চাউল ক্ৰয় চেষ্টা চলায় আৰু সেই মুহুৰ্ততে গাঁওবুঢ়া ৰঞ্জিত কটকী হাতেলুটে ধৰা পৰাত আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে বিপুল দাস নামৰ আন এজন সহযোগীকো আটক কৰে৷ আৰু প্ৰায় ২০ বেগৰ ও অধিক চাউলৰ বস্তা জব্দ কৰে৷ সম্প্ৰতি মহাভৈৰৱ আৰক্ষী চকীৰ আলহি হোৱা চৰকাৰী গাঁওবুঢ়াসহ সহযোগীক আৰক্ষীয়ে জেৰা চলাই আছে৷ ইফালে, আটক কৰাৰ সময়ত গাঁওবুঢ়াই আৰক্ষীক মেনেজ কৰিবলৈ চেষ্টা চলোৱা বুলি খোদ আৰক্ষী বিষয়া তথা মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিসয়া জানিবলৈ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમીરગઢ ના સરોત્રા ગામની ઘટના...
અમીરગઢ ના સરોત્રા ગામની ઘટના...
Amol Kolhe Tweet | राष्ट्रवादी खासदार अमोल कोल्हे यांनी PM Modi यांचे मानले आभार | zee 24 tas
Amol Kolhe Tweet | राष्ट्रवादी खासदार अमोल कोल्हे यांनी PM Modi यांचे मानले आभार | zee 24 tas
हनुमान बेनीवाल की पत्नी कनिका होंगी खींवसर से आरएलपी उम्मीदवार
राष्ट्रीय लोकतांत्रिक पार्टी (आरएलपी) ने खींवसर विधानसभा सीट पर उपचुनाव में उम्मीदवार की घोषणा कर...
પાલનપુર નગરે તપાગચ્છ જૈન ઉપાશ્રયમાં જગદ્ ગુરુ હીરસૂરિશ્વરજી મહારાજાની 426મી પુણ્ય તિથિ યોજાઈ
પાલનપુર નગરે તપાગચ્છ જૈન ઉપાશ્રયમાં જગદ્ ગુરુ હીરસૂરિશ્વરજી મહારાજાની 426મી પુણ્ય તિથિ યોજાઈ....
कैसे बनी Delhi में Old Parliament की इमारत? | Tarikh E555
कैसे बनी Delhi में Old Parliament की इमारत? | Tarikh E555