তেজপুৰ ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া ৰঞ্জিত কটকীয়ে পত্নীৰ নামত (পলি ডেকা) সুলভ মূল্যৰ দোকান থকাৰ সপূৰ্ণ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই আহিছিল চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ৷ চৰকাৰী চাউল পুণৰ মিলিং কৰি তাক চালি-জাৰি নতুন কৰি পুণৰাই নতুন বেগত ভৰাই বজাৰত মুকলি কৰি দিছিল৷ অভিযোগ অনুসৰি, স্হানীয় একাংশ ব্যৱসায়ীক এই চাউল যোগান ধৰাৰ উপৰিও চুবুৰীয়া অৰুণাচললৈ প্ৰেৰণ কৰিছিল৷ দীৰ্ঘদিনে এনে কু-কৰ্ম চলাই অহাৰ অভিযোগ শেহতীয়াকৈ লাভ কৰে শোণিপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্বশৰ্মাই৷ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আজি মহাভৈৰৱ আৰক্ষীয়ে গ্ৰাহকৰ ভেষত আন লোকক নি চাউল ক্ৰয় চেষ্টা চলায় আৰু সেই মুহুৰ্ততে গাঁওবুঢ়া ৰঞ্জিত কটকী হাতেলুটে ধৰা পৰাত আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে বিপুল দাস নামৰ আন এজন সহযোগীকো আটক কৰে৷ আৰু প্ৰায় ২০ বেগৰ ও অধিক চাউলৰ বস্তা জব্দ কৰে৷ সম্প্ৰতি মহাভৈৰৱ আৰক্ষী চকীৰ আলহি হোৱা চৰকাৰী গাঁওবুঢ়াসহ সহযোগীক আৰক্ষীয়ে জেৰা চলাই আছে৷ ইফালে, আটক কৰাৰ সময়ত গাঁওবুঢ়াই আৰক্ষীক মেনেজ কৰিবলৈ চেষ্টা চলোৱা বুলি খোদ আৰক্ষী বিষয়া তথা মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিসয়া জানিবলৈ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bhagwant Mann plays a political hoax on SYL : Chugh
BJP national general secretary Tarun Chugh described today's meeting called by Punjab chief...
অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যেগত মানকাচৰৰ কাকৰীপাৰাত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি
অসম গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যেগত মানকাচৰৰ কাকৰীপাৰাত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি।
75 মিটাৰ দৈঘ্যৰ ৰাষ্ট্ৰীয় পতাকাৰে লখিমপুৰত মাৰোৱাৰী সমাজৰ সমদল...
75 মিটাৰ দৈঘ্যৰ ৰাষ্ট্ৰীয় পতাকাৰে লখিমপুৰত মাৰোৱাৰী সমাজৰ সমদল...
লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী
লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।শনিবাৰে আবেলি মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে...
દેશમાં આઝાદી ના ૭૫ વર્ષની ઉજવણી ના અનેક કાર્યક્રમો સાથે હર ઘર તિરંગા ની એક ઝલક.
દેશમાં આઝાદી ના ૭૫ વર્ષની ઉજવણી ના અનેક કાર્યક્રમો સાથે હર ઘર તિરંગા ની એક ઝલક.