তেজপুৰ ডেকাৰগাঁও গাঁৱৰ গাঁওবুঢ়া ৰঞ্জিত কটকীয়ে পত্নীৰ নামত (পলি ডেকা) সুলভ মূল্যৰ দোকান থকাৰ সপূৰ্ণ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলাই আহিছিল চৰকাৰী চাউলৰ এক ৰমৰমীয়া বজাৰ৷ চৰকাৰী চাউল পুণৰ মিলিং কৰি তাক চালি-জাৰি নতুন কৰি পুণৰাই নতুন বেগত ভৰাই বজাৰত মুকলি কৰি দিছিল৷ অভিযোগ অনুসৰি, স্হানীয় একাংশ ব্যৱসায়ীক এই চাউল যোগান ধৰাৰ উপৰিও চুবুৰীয়া অৰুণাচললৈ প্ৰেৰণ কৰিছিল৷ দীৰ্ঘদিনে এনে কু-কৰ্ম চলাই অহাৰ অভিযোগ শেহতীয়াকৈ লাভ কৰে শোণিপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্বশৰ্মাই৷ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আজি মহাভৈৰৱ আৰক্ষীয়ে গ্ৰাহকৰ ভেষত আন লোকক নি চাউল ক্ৰয় চেষ্টা চলায় আৰু সেই মুহুৰ্ততে গাঁওবুঢ়া ৰঞ্জিত কটকী হাতেলুটে ধৰা পৰাত  আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে বিপুল দাস নামৰ আন এজন সহযোগীকো আটক কৰে৷ আৰু প্ৰায় ২০ বেগৰ ও অধিক চাউলৰ বস্তা জব্দ কৰে৷  সম্প্ৰতি মহাভৈৰৱ আৰক্ষী চকীৰ আলহি হোৱা চৰকাৰী গাঁওবুঢ়াসহ সহযোগীক আৰক্ষীয়ে জেৰা চলাই আছে৷ ইফালে, আটক কৰাৰ সময়ত গাঁওবুঢ়াই আৰক্ষীক মেনেজ কৰিবলৈ চেষ্টা চলোৱা বুলি খোদ আৰক্ষী বিষয়া তথা মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিসয়া জানিবলৈ দিছে৷