এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ গলিয়া গাঁৱত।
তিনি বছৰ আগতে গলিয়াৰ চুমী দেব বিয়া হৈছিল বিহালীৰ চাজন ওৰাংলৈ।
স্বামী গৃহত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি এমাহ মান আগতে চুমি বিশ্বনাথৰ মাতৃ গৃহলৈ একেবাৰে গুছি আহে।
কালি স্বামী চাজনে চুমীক নিবলৈ বিশ্বনাথৰ গলিয়ালৈ আহিছিল।
পত্নী চুমী স্বামীৰ লগত যাবলৈ অমান্তি হয়।
সুৰাৰ ৰাগীত মাতাল হৈ থকা স্বামীয়ে বলবমলৈ যাবলৈ সাজু হোৱা চুমীক হঠাৎ চোকা অস্ত্ৰৰে কৰে আক্ৰমণ।স্বামীৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয় চুমী দেব। স্থানীয় ৰাইজে গুৰুত্বৰভাৱে আহত চুমীক চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু স্হানীয় ৰাইজে মাতাল স্বামীক ধৰি গতালে বিশ্বনাথ আৰক্ষীক।