ভৈৰৱপুৰত 'যোগ মহোৎসৱ'ত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

ধেমাজি-জোনাইতো নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন।

চিলাপথাৰ,২১ জুনঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰৰ সমীপৰ ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰতো ধেমাজি পতাঞ্জলি যোগপীঠৰ তত্ত্বাৱধানত আৰু চিলাপথাৰ মাৰৱাৰী সন্মিলন, মাৰৱাৰী সন্মিলন মহিলা শাখাৰ সহযোগ ভাৰতীয় জনতা পাৰ্টিৰ চিচি টঙানী মণ্ডল সমিতিৰ আতিথ্য আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে 'যোগ মহোৎসৱ' উদযাপন কৰা হয় । প্ৰতিকুল বতৰক নেওচি দিৱসত অঞ্চলস্হৰ দুই শতাধিক লোকৰ লগতে কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। যোগ দিৱসত অংশ গ্ৰহণ কৰি ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক সিংহৰূপত দেখা যায়। সাংসদ বৰুৱাই কয় যে, যোগহ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া লগতে সাংবাদিকে সুধা প্ৰশ্নৰ উত্তৰত সমষ্টি নিৰ্ধাৰণত নিৰ্বাচন আয়োগে প্ৰকাশিত কৰা খচৰাৰ ওপৰত কয় যে অসমত সমষ্টি নিৰ্ধাৰণ কৰাৰ কাম এক ভাল কাম হৈছে। সমষ্টি নিৰ্ধাৰণে খিলঞ্জীয়া মানুহে সুবিধা লাভ কৰিব পাৰিব । এইক্ষেত্ৰত যদি কিবা ওজৰ আপত্তি থাকে তেন্তে ৰাইজে নিৰ্ধাৰণত সময়ৰ ভিতৰত নিৰ্বাচন আয়োগক আবেদন কৰিব পাৰিব । আজিৰ এই যোগ দিৱস অনুষ্ঠান আয়োজক সমিতিৰ সভাপতি বিশু দাস, উপ-সভাপতি অশোক দাস, সম্পাদক বিশ্বজিৎ দাস, সুজিৎ নাথ, চিলাপথাৰ পৌৰসভাৰ পৌৰপতি লাবন্য পাইত দলে, উপ পৌৰপতি শৰ্মিষ্ঠা দেব, মুক্তিয়াৰ পঞ্চায়তৰ সভাপতি পৰমানন্দ পেগু, চিচিবৰগাও‍ঁ পঞ্চায়ত সভাপতি গিৰিণ চুতীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, বিশিষ্ট সমাজকৰ্মী গংগা পেগু, মাৰোৱাৰী যুৱ মঞ্চৰ পবন জৈন, লেখিকা ৰেনু বৰুৱা, সমাজকৰ্মী কল্পনা দাস, প্ৰধান শিক্ষক অৰ্জুন বৈদ্য, শিক্ষক অসীম পুৰকায়স্হ , পতঞ্জলি যোগ সমিতিৰ ধেমাজি প্ৰভাৰী অনিল নন্দ কেধৰি বহু লোক উপস্থিত থাকে। ইফালে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আয়ুস মিছনৰ সহযোগত কোলাপথাৰৰ নতুন ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ অনুষ্ঠানটিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে। ইয়াৰ পিছতেই ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈয়ে যোগাভ্যাসৰ উপকাৰিতা সম্পৰ্কে বক্তব্য ৰাখে ৷ যোগ দিৱসৰ এই অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাৰ উপৰিও জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকল, বিভিন্ন বিভাগীয় মুৰব্বী বিষয়াসকলৰ উপৰিও এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল , বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ কাৰ্যসূচীৰ মাজতে জিলাখনৰ যোগৰ সৈতে জড়িত পাৰদৰ্শী ব্যক্তি সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বধৰ্না জনায় ৷ একেদৰে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগতো আজি যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জোনাই খণ্ড যুৱ কেন্দ্ৰ (আয়ুস) আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ যুটীয়া সহযোগত জোনাই বালিকা মহাবিদ্যালয়ত পুৱাতে বিশেষ যোগাভ্যাসৰ অনুশীলন কৰা হয়। ইয়াত মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে বিভিন্ন বিদ্যালয়/মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।