মৰিগাঁও জিলাৰ মুকলি দবা প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে কৌশিক বৰুৱাই । কালিৰে পৰা মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত আয়োজন কৰা দবা প্ৰতিযোগিতাৰ ৮ টা ৰাউণ্ডৰ খেলৰ আটাই কেইটা ৰাউণ্ডৰ খেলতে জয়ী হৈ কৌশিক বৰুৱা চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । প্ৰতিযোগিতাতৰ ষষ্ঠ ৰাউণ্ডলৈ অদম্য হৈ ৰোৱা প্ৰাক্তন চেম্পিয়ন উত্তম কুমাৰ বিশ্বাসক পৰাজিত কৰি উদয়ীমান দবাৰু জনে খিতাপৰ পথ প্ৰশস্ত কৰে । শেষৰ খন খেলত সঞ্জীৱ কুমাৰ নাথক পৰাস্ত কৰি প্ৰতিযোগিতাৰ বিজয়ী মুকুট পিন্ধে । ৰাজ্যিক পৰ্যায়ৰ বাচনিৰ বাবে অনুষ্ঠিত হোৱা মৰিগাঁও জিলা মুকলি প্ৰতিযোগিতা খনৰ প্ৰথম , দ্বিতীয় আৰু তৃতীয় ৰাৰ্ণাচ আপ খিতাপ দখল কৰে ক্ৰমে কমল ডেকা (৭ পইণ্ট) , মিঠু নাথ (৭ পইণ্ট) আৰু অনিল কুমাৰ ভট্টাচাৰ্যই (৬.৫) । আনহাতে প্ৰতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত পীয়ুষ প্ৰতীম মছৰংঙ প্ৰথম , হিমাংক শৰ্মা দ্বিতীয় , ১৩ বছৰ অনুৰ্ধ শাখাত কিশোৰ নাথ প্ৰথম , ৰিহান ইছলাম দ্বিতীয় আৰু ১১ বছৰ অনুৰ্ধ শাখাত দেবাশিষ বৰুৱা প্ৰথম , ৰক্তোপল দাস দ্বিতীয় । ইয়াৰোপৰি শ্ৰেষ্ঠ দবাৰু ল'ৰা উত্তম কুমাৰ বিস্বাস আৰু শ্ৰেষ্ঠ ছোৱালী দবাৰুৰ সন্মান লাভ কৰে প্ৰাপ্তীবৰ্ণা ঠাকুৰীয়াই । প্ৰযোগিতাৰ কনিষ্ঠ শ্ৰেষ্ঠ দবাৰুৰ সন্মান লাভ কৰে ৭ বছৰীয়া ইমতিয়াজ আলম আমেদে । আজি সফলতাৰে সম্পন্ন হোৱা মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাখন সঞ্চালনা কৰে মৰিগাঁও জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই।সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই আঁত ধৰা সভা খনত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰ,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ , আৰবিৰ্টাৰ ৰবীকান্ত তিৱাৰী,মঞ্জু দত্ত,ভৱেশ ঠাকুৰীয়া আদিয়ে অংশ গ্ৰহণ কৰে। ইফালে পূৱা ভাগত দ্বিতীয় দিনাৰ প্ৰতিযোগিতা মুকলি কৰে তিৱা স্বায়ত্ব পৰিষদৰ মূখ্যকাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । উল্লেখ্য যে কালি আনুষ্ঠানিক ভাবে প্ৰতিযোগিতাত খন উদ্বোধন কৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
১১ জুন তাৰিখে ধূলাত ১৩ বছৰীয়া কিশোৰী এগৰাকী হত্যাৰ তদন্তৰ SIT তদন্তকাৰী দল কি ক'লে
11জুন তাৰিখে ধূলাত ১৩ বছৰীয়া কিশোৰী এগৰাকী হত্যাৰ তদন্তৰ S I T তদন্তকাৰী দল কি কলে ---
ખંભાળિયાની જનરલ હોસ્પિટલમાં કોરોનાની સંભવિત પરિસ્થિતિને પહોંચી વળવા તમામ સુવિધાઓ ઉપલબ્ધ
સાંસદશ્રી પૂનમબેન માડમ, જિલ્લા પંચાયતના પદાધિકારીઓ, અધિકારીઓ સહિતનાએ સમીક્ષા કરી
...
জয়সাগৰত আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ পৰ্য্যালোচনা সভা অনুষ্ঠিত
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত স্বৰ্গদেউ ৰূদ্ৰসিংহ ক্ৰীয়া খেলপথাৰত আজি সত্ৰ আয়োগৰ...
સુરતઃ મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે સુરતમાં ત્રણ દિવસીય વાઈબ્રન્ટ વીવર્સ એક્સપોનું કર્યું ઉદ્ઘાટન
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલે જણાવ્યું હતું કે, વડાપ્રધાનના માર્ગદર્શન હેઠળ દેશના ગ્રોથ એન્જીન...