গোলাঘাটৰ নেটাৰ কাৰ্যালয়ত কৰ্ত্তি চন্দ্ৰ বৰবৰুৱাৰ 'অসমত সেউজ বিপ্লৱ চাহ খেতিৰ অ,আ,ক,খ উন্মোচন। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গোলাঘাটৰ উত্তৰ পূৱ চাহ সংস্থা চমুকৈ নেটাৰ কাৰ্যালয়ত আজি কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাৰ 'অসমৰ সেউজ বিপ্লৱ চাহ খেতিৰ অ,আ,ক,খ' শীৰ্ষক গ্ৰন্থ উন্মোচিত হৈ যায় । উত্তৰ পূৱ চাহ সংস্থাৰ উপদেষ্টা,বিশিষ্ট সমাজকৰ্মী বিদ্যানন্দ বৰকাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে । গ্ৰন্থখনি উন্মোচন কৰি আৰক্ষী অধীক্ষক পুষ্কিন জৈনে কয় যে,কাজিৰঙাৰ গড়ৰ পিছতে অসমৰ চিনাকী তথা গৌৰৱ অসমৰ চাহৰ ১০০ বছৰলৈ ঐতিহ্য অক্ষূন্ন ৰাখিব লাগিব । এই ক্ষেত্ৰত গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে অসম তথা গোলাঘাট জিলাৰ চাহ শিল্পৰ গৌৰৱময় ঐতিহ্য সম্পৰ্কত আলোকপাত কৰে । অনুষ্ঠানত নেটাৰ চেয়াৰমেন কমল জৈন,ভাইচ চেয়াৰমেন অজয় ধান্দাৰীয়া,টি বৰ্ডৰ ড° মদন তাপাৰীয়া, নেটাৰ প্ৰাক্তন চেয়াৰমেন মনোজ জালান,নেপুল শইকীয়া আদি বিষয়ববীয়া,সদস্য উপস্থিত থাকে । উল্লেখ্য যে,কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই ৩০ বছৰীয়া বাস্তৱ অভিজ্ঞতাৰে চাহ খেতিয়কসকলে সহজে বুজিব পৰাকৈ গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে । উক্ত গ্ৰন্থখনিয়ে চাহ খেতিয়ক সকলক বিশেষভাৱে উপকৃত কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उत्तर प्रदेश लोकसभा चुनाव २०२४ - ABCD
२०२४ लोकसभा चुनाव में उत्तर प्रदेश में किसको कितनी सीटें मिलेंगी?
एनडीए गठबंधन क्लीन स्वीप...
અમદાવાદ : ઇસ્કોન અક્સ્માત કેસ, તથ્ય પટેલ અક્સ્માત ની ફૂલ રિપોર્ટ, અને પિતા પ્રજ્ઞેશ પટેલે #aiv
અમદાવાદ : ઇસ્કોન અક્સ્માત કેસ, તથ્ય પટેલ અક્સ્માત ની ફૂલ રિપોર્ટ, અને પિતા પ્રજ્ઞેશ...
*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-
*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-
Kolhapur : शाहुवाडीत नवउद्योजकांसाठी मार्गदर्शन मेळावा...BPN news network
Kolhapur : शाहुवाडीत नवउद्योजकांसाठी मार्गदर्शन मेळावा...BPN news network